NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কবিৰাজ খনীন্দ্ৰ নাথ বায়নৰ পৰলোক

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস September 26, 2020 10:01 pm

ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কবিৰাজ, আয়ুৰ্বেদ বিশাৰদ, বিশিষ্ট সত্ৰীয়া শিল্পী তথা বৰপেটা চহৰৰ মেটুৱাকুছি নিবাসী খনীন্দ্ৰ নাথ বায়নৰ আজি পুৱতি নিশা নিজবাসগৃত পৰলোক প্ৰাপ্তি হয় ৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ ৷ ১৯৪৩ চনত বৰপেটা সত্ৰৰ নিকটৱৰ্তী নহাটীৰ গন্ধিয়া বংশত জন্মগ্ৰহণ কৰা বায়নে আয়ুৰ্বেদ বিশাৰদ উত্তীৰ্ণ হৈ বৰপেটা বৰবজাৰত এখন কবিৰাজী ফাৰ্মাচী খুলি চিকিৎসক হিচাপে সেৱা আগবঢ়ায় ৷

কবিৰাজ হিচাপে ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰয়াত জ্ঞানী জাইল সিঙৰ পৰা ৰাষ্ট্ৰীয় পুৰস্কাৰ গ্ৰহণ কৰা বায়নে মৃত্যুৰ পূৰ্বে ইলোৰা বিজ্ঞান মঞ্চত নিজৰ দেহদানৰ বাবে ইচ্ছা পত্ৰত স্বাক্ষৰ কৰি গৈছিল যদিও সাম্প্ৰতিক ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত তেওঁৰ দেহটো গ্ৰহণ নকৰিলে ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰপেটা জিলা সমিতিৰ এগৰাকী সক্ৰিয় সদস্য বায়নে গন্ধিয়া বংশৰ হকে বৰপেটা সত্ৰৰ সেৱায়িক কৰ্মত নিয়োজিত আছিল ৷

বৰপেটা সত্ৰ পৰিচালনা সমিতিৰো প্ৰাক্তন সদস্য বায়নৰ মৃত্যুত বৰপেটাত শোকৰ ছাঁ পৰিছে ৷