NORTHEAST NOW (Assamese)

Rape and murder! মৰিয়নীত ধর্ষণ কৰি হত্যা! অৰ্ধনগ্ন অৱস্থাত মাতৃ-কন্যাসহ পিতৃৰ মৃতদেহ উদ্ধাৰ

June 25, 2022 6:51 pm · এন ই নাও নিউজ,টিয়ক
Updated: June 25, 2022 6:55 pm

যোৰহাট জিলাৰ মৰিয়নীৰ নকছাৰিৰ খাটিচোনাত ঘটিছে এক লোমহৰ্ষক হত্যাকাণ্ড। অৰ্ধনগ্ন অৱস্থাত দুগৰাকী মহিলাসহ এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ।

মহিলা দুগৰাকীক ধর্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে একাংশ লোকে।

মৰিয়নীৰ নকছাৰিত ইটা ভাটাত কাম কৰা পৰিয়াল এটাৰ তিনিজনকৈ সদস্যক হত্যা কৰা হৈছে। হত্যাকাণ্ডত বলি হোৱা পৰিয়ালটোত আছে দুগৰাকী মহিলা।

মৰিয়নীৰ নকছাৰি খাটিচোনাৰ লাহন উপাধিৰ লোকৰ ইটা ভাটাত ভাটা ৰখীয়াৰূপে আছিল পৰিয়ালটো। অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ কেইটা। দলবদ্ধ ধৰ্ষণ কৰি পৰিয়ালটোক হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ।

মৃত্যু ঘটা পৰিয়ালটোৰ সদস্য কেইগৰাকী হৈছে ক্ৰমে সুনতি বৰা, সুনতি বৰাৰ জীয়াৰী মনালিছা বৰা আৰু পত্নী তুলু বৰা ।

মৰিয়নী দেবেৰাপাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Related News