NORTHEAST NOW (Assamese)
দেশ

প্ৰথমে মহিলা সতীৰ্থলৈ গুলীচালনা; তাৰ পিছত নিজকে গুলীয়াই হত্যা আৰক্ষী পৰিদৰ্শকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 25, 2022 6:54 pm
Cop suicide After Firing Colleague

মধ্য প্ৰদেশত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই সম্প্ৰতি তীব্ৰ চৰ্চা লাভ কৰিছে। ৰাজ্যখনৰ এগৰাকী আৰক্ষী পৰিদৰ্শকে তেওঁৰ সহকৰ্মী- এগৰাকী মহিলা সহকাৰী উপ পৰিদৰ্শকৰ ওপৰত গুলী চালনা কৰি পিছত নিজকে গুলীয়াই হত্যা কৰিছে।

ৰাজ্যখনৰ ইন্দোৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ চৌহদত পইণ্ট ব্লেংক ৰেঞ্জত শুকুৰবাৰে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

আত্মহত্যা কৰা আৰক্ষী পৰিদৰ্শকজনক হাকাম সিং পাৱাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁক মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত নিযুক্তি দিয়া হৈছিল। ভূপালৰ শ্যামলা পাহাৰ আৰক্ষী চকীৰ দায়িত্বত আছিল পাৱাৰ।

আনহাতে গুলীবিদ্ধ হোৱা মহিলা সহকাৰী উপ পৰিদৰ্শকগৰাকীক ইন্দোৰ নিয়ন্ত্ৰণ কক্ষত নিযুক্ত আছিল। আৰক্ষী বিষয়া গৰাকীৰ গুলীত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেওঁক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

বৰ্তমান গুলীবিদ্ধ মহিলা সহকাৰী উপ পৰিদৰ্শকগৰাকী চিকিৎসাধীন হৈ আছে। অৱশ্যে তেওঁ এতিয়া সংকটমুক্ত বুলি আৰক্ষী বিষয়াসকলে জানিবলৈ দিছে।

ইন্দোৰৰ আৰক্ষী আয়ুক্ত হৰিনাৰায়ণচাৰী মিশ্ৰৰ ভাষ্য অনুসৰি ঘটনাটোৰ প্ৰাথমিক তদন্তৰ পিছত নিহত আৰক্ষী পৰিদৰ্শকগৰাকী আৰু মহিলা সহকাৰী উপ পৰিদৰ্শক গৰাকীৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল বুলি সন্দেহ কৰা হৈছে।

দুয়োৰে মাজত হোৱা কোনো বিবাদৰ পৰিণতিত এই ঘটনা সংঘটিত হৈছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে ঘটনাৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত আছে বুলি শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে।