NORTHEAST NOW (Assamese)
অসম

ইউক্ৰেইনত যুদ্ধৰ বলি হৈছে শ শ অবোধ শিশু, ৰাষ্ট্ৰসংঘই দিলে তথ্য

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী April 13, 2022 11:28 am

যুদ্ধ কি তেওঁলোকে নাজানে। তথাপি যুদ্ধই এতিয়া বিপণ্ণ কৰি তুলিছে ইউক্ৰেইনৰ শিশুৰ জীৱন। ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা তথ্য অনুসৰি ৰাছিয়াৰ আক্ৰমণত এতিয়ালৈকে ইউক্ৰেইনত নিহত হৈছে শতাধিক শিশু।

ৰাষ্ট্ৰসংঘৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইউক্ৰেইনত ছয় সপ্তাহত ২২৯ জন লোক আহত হোৱাৰ লগতে ১৪২ টা শিশুৰ মৃত্যুৰ মৃত্যু ঘটিছে।

কিন্ত অসমৰ্থিত সূত্ৰৰ খবৰ অনুসৰি ইউক্ৰেইনত ৰাছিয়াৰ সেনাৰ আক্ৰমণত নিহত শিশুৰ সংখ্যা ইয়াতকৈ বহু গুণে বেছি।

ইউনিচেফৰ জৰুৰীকালীন কাৰ্যসূচীৰ সঞ্চালক মেনুৱেল ফন্টেনে কৈছে যে ইউক্ৰেইনৰ ৩.২ নিযুত শিশুৰ ভিতৰত প্ৰায় সংখ্যক শিশুৱেই যুদ্ধৰ ফলত ক্ষতিৰ সন্মুখীন হৈছে।

ইপিনে ইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ ওচৰত ১২০০তকৈয়ো অধিক মৃতদেহ উদ্ধাৰ হৈছে।

কীয়েভৰ সমীপৰ বুজোভা গাওঁত আৰু এটি গণকবৰৰ সন্ধান পোৱা গৈছে। ইয়াত বহুকেইটা অসামৰিক নাগৰিকৰ মৃতদেহ পুতি থোৱা হৈছিল। ।