NORTHEAST NOW (Assamese)

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 29, 2026 9:52 pm

কাজিৰঙাৰ কঁহৰা হাতিখুলিস্থিত ইংলে পথাৰত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ‎পদক্ষেপৰ বিৰোধিতা কৰা থলুৱা আদিবাসী কৃষকৰ ওপৰত আৰক্ষীয়ে চলোৱা বৰ্বৰ আক্ৰমণক তীব্ৰ ভাষাৰে ‎গৰিহণা জনাইছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি, অসমে। পুঁজিপতি গোষ্ঠী ‘হায়াট’ৰ (Hyatt Hotels ‎and Resorts) স্বাৰ্থত চৰকাৰে সাধাৰণ ৰাইজৰ ওপৰত চৰম অত্যাচাৰ চলোৱা বুলি সমিতিয়ে অভিযোগ ‎উত্থাপন কৰিছে।

এক প্ৰেছ বিবৃতিযোগে সমিতিৰ আহ্বায়ক কৃষ্ণ গগৈ আৰু সুব্রত তালুকদাৰে জনায় যে, ২৮ ‎জুন তাৰিখে ইংলে পথাৰত হোটেলৰ বাবে চিহ্নিত স্থানত আৰক্ষীয়ে সশস্ত্ৰ বাহিনী মোতায়ন কৰি ‎কৃষকসকলৰ স্বাভাৱিক যাতায়াত বন্ধ কৰি দিছিল। যুগ যুগ ধৰি নিজৰ মাটিত খেতি কৰি অহা কৃষকসকলে ‎ইয়াৰ বিৰোধিতা কৰি নিজৰ ভূমিত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে তেওঁলোকৰ ওপৰত ‎নিৰ্মমভাৱে বলপ্ৰয়োগ কৰে। আৰক্ষীৰ এই আক্ৰমণত কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱাৰ ‎লগতে ৰশ্মি গোৱালা নামৰ এগৰাকী যুৱতীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

সমিতিয়ে জানিবলৈ দিয়া মতে, ভুক্তভোগী ৪৫ টা পৰিয়ালৰ ভূমিৰ ৰেকৰ্ড আৰু নথি-পত্ৰই প্ৰমাণ কৰে যে ‎তেওঁলোকে তিনি প্ৰজন্মতকৈও অধিক সময় ধৰি সেই মাটিত খেতি কৰি আহিছে। এই আইনী দখলৰ ‎সকলো তথ্য-প্ৰমাণ গোলাঘাট জিলা প্ৰশাসনক অৱগত কৰাৰ পিছতো কৃষকসকলক মাটিৰ ম্যাদি পট্টা প্ৰদান ‎কৰাৰ পৰিৱৰ্তে অভিজাত হোটেল গোষ্ঠীৰ হাতত উক্ত ভূমি তুলি দিবলৈ চৰকাৰে ষড়যন্ত্ৰ ৰচিছে।

এই ঘটনাক থলুৱা ৰাইজৰ মৌলিক আৰু সাংবিধানিক অধিকাৰৰ ওপৰত চৰম আঘাত বুলি অভিহিত কৰি ‎সমিতিয়ে তিনিটাকৈ স্পষ্ট দাবী উত্থাপন কৰিছে। প্ৰথম দাবীটো হৈছে, ‘হায়াট’ বা অন্য কোনো বহুজাতিক ‎হোটেল গোষ্ঠীক কৃষকৰ ভূমি হস্তান্তৰ কৰাৰ সিদ্ধান্ত চৰকাৰে ততালিকে বাতিল কৰিব লাগিব। দ্বিতীয়তে, ‎কৰ্প’ৰেটৰ স্বাৰ্থত থলুৱা জনসাধাৰণক উচ্ছেদ কৰিবলৈ চলোৱা চৰকাৰী বলপ্ৰয়োগ আৰু পুলিচী সন্ত্ৰাস ‎অনতিপলমে বন্ধ কৰিব লাগিব। সমিতিৰ তৃতীয়টো দাবী হৈছে, যুগ যুগ ধৰি খেতি কৰি অহা ইংলে পথাৰৰ ‎প্ৰতিটো কৃষক পৰিয়ালক চৰকাৰে অতি শীঘ্ৰে ভূমিৰ স্থায়ী ম্যাদি পট্টা আৰু ন্যায্য অধিকাৰ প্ৰদান কৰিব ‎লাগিব।

ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ এই যুঁজত সমিতিয়ে আদিবাসী কৃষক সমাজৰ সৈতে সদায় থিয় দিয়াৰ কথা ‎স্পষ্ট কৰি দি চৰকাৰক অনতিপলমে এই দমনমূলক স্থিতি আৰু কৰ্প’ৰেটমুখী নীতি সলনি কৰিবলৈ আহ্বান ‎জনাইছে।

Related News