NORTHEAST NOW (Assamese)
Popular Stories

ৰেগিং কাণ্ড: প্ৰথম বৰ্ষৰ ছাত্ৰক নৃশংস প্ৰহাৰ, বিদ্যুৎস্পৃষ্ট কৰি হত্যাৰ ভাবুকি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 11, 2025 8:25 am

অন্ধ্ৰ প্ৰদেশৰ পালানাডু জিলাৰ ডাচেপল্লী চৰকাৰী কনিষ্ঠ মহাবিদ্যালয়ত পুনৰ সংঘটিত হৈছে ৰেগিং কাণ্ড। শেহতীয়াকৈ প্ৰথম বৰ্ষৰ এজন ছাত্ৰক জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীৰ এটা দলে হোষ্টেললৈ মাতি আনি নৃশংসভাবে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি, ছাত্ৰজনক মাটিত পেলাই শাৰীৰিক অত্যাচাৰ কৰি বিদ্যুৎস্পৃষ্ট কৰা হৈছিল। ঘটনাৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পোৰ বুলি জনিব পৰা গৈছে। ভিডিঅ’টোৰ দৃশ্যত দেখা গৈছে যে পীড়িত ছাত্ৰজনে হাত যোৰ কৰি জেষ্ঠসকলক প্ৰাৰ্থনা কৰিছিল, কিন্তু তাৰ পিছতো প্ৰহাৰ কৰিবলৈ এৰা নাছিল। অভিযোগ অনুসৰি, আক্ৰমণকাৰীয়ে তেওঁক মৃত্যুৰ ভাবুকিও দিছিল।

পীড়িত ছাত্ৰজনৰ পৰিয়ালে ইতিমধ্যে ৫ জন অভিযুক্তৰ নামত লিখিত এজাহাৰ দাখিল কৰিছে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তসকল মহাবিদ্যালয়খনৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আৰু তেওঁলোকৰ ভিতৰত মহাবিদ্যালয়ৰ বাহিৰৰ এজন যুৱক জড়িত আছিল।

পুলিচে ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু অভিযুক্তৰ সন্ধান অব্যাহত ৰাখিছে। আনহাতে, মহাবিদ্যালয়ৰ হোষ্টেলত সংঘটিত হোৱা এই ৰেগিং কাণ্ডৰ তীব্ৰ নিন্দা কৰিছে বিভিন্ন ছাত্ৰ সংগঠনে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে মহাবিদ্যালয় কৰ্তৃপক্ষই কোনো স্পষ্টিকৰণ দিয়া নাই।