NORTHEAST NOW (Assamese)

কাশ্মীৰৰ ছাম্বাত পুনৰ পাক সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা সুৰংগ উদ্ধাৰ

November 22, 2020 9:17 pm · এন ই নাও নিউজ

পাকিস্তানৰ জইছ-ই-মহম্মদ সল্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই অভিযান চলাই বৃহৎ সাফল্য লাভ কৰাৰ সময়তে আজি কাশ্মীৰৰ পাক-ভাৰত সীমান্তত বিএছএফে সীমান্তৰ সিপাৰলৈ খন্দা এটা সুৰংগ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়।

কাশ্মীৰৰ ছাম্বা জিলাৰ ৰেগাল অঞ্চলত উদ্ধাৰ হোৱা এই সুৰংগটো বহলে ৫ ফুট আৰু ওখই প্ৰায় ৫ ফুট মান হ’ব। নাগৰোটাত ভাৰতীয় সেনাই নিধন কৰা পাকিস্তানৰ জইছ-ই-মহম্মদৰ দলটোৱে এই সুৰংগৰেই ভাৰতত প্ৰৱেশ কৰা বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য পাক-ভাৰত সীমান্তত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে নিৰাপত্তা কঠোৰ কৰি তোলাৰ সময়তে মাটিৰ তলেৰে সুৰংগ খান্দি ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে।

কাশ্মীৰৰ ছাম্বা ছেক্টৰত বিএছএফে কিছুদিন পূৰ্বেও এনে এটা সুৰংগ আবিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল।

https://twitter.com/ANI/status/1330494200916283392?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1330494200916283392%7Ctwgr%5E&ref_url=https%3A%2F%2Fwww.sangbadpratidin.in%2Findia%2Fjk-cross-border-tunnel-found-in-samba-may-have-been-used-by-nagrota-militants%2F

ছাম্বা ছেক্টৰৰ বাচান্তাৰ নামৰ অঞ্চলটোত বিএছএফে উদ্ধাৰ কৰা সুৰংগটোৰ এখন মুখ আছিল পাকিস্তানৰ মাটিত আৰু আন খন মুখ আছিল ভাৰতৰ মাটিত।

লক্ষ্যণীয় ভাবে ভাৰতৰ মাটিত থকা সুৰংগৰ মুখখন কোনেও ধৰিব নোৱাৰাকৈ ঢাকিৰখা হৈছিল বালিৰ বস্তাৰে।

বস্তাবোৰ আকৌ পাকিস্তানৰ কৰাচী আৰু শখেৰগড়ৰ কোম্পানীৰ ছীল-মোহৰ থকা আছিল।

পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ইয়াৰ পূৰ্বেও সুৰংগ খান্দি ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল।

সেয়ে ২০১৯ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা বিএছএফে এনে সুৰংগ আৱিষ্কাৰৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিছিল।

Related News