সেনা-বাহিনীত সঘনাই এনে ঘটনা ঘটে কিয়? আকৌ চৰম সিদ্ধান্ত বাছি ল’লে সেনা জোৱানে
সোমবাৰে পুৱা নগাঁও জিলাত পাৰিবাৰিক বিবাদৰ বাবে সীমান্ত সুৰক্ষা বাহিনীৰ এজন জোৱানে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, কামপুৰত সংঘটিত হৈছে এই ঘটনা। আত্মহত্যা কৰা বি এছ এফত কৰ্মৰত জোৱান জনৰ নাম সঞ্জীব লস্কৰ।
স্থানীয় ৰাইজে জনোৱা মতে, জোৱানজনে নিজৰ কোঠাৰ ভিতৰত থকা ফেনত চিপ লৈ আত্মহত্যা কৰে।
লস্কৰৰ পৰিয়ালে অভিযোগ কৰে যে ভালে কেইদিনমানৰ পৰা তেওঁ আৰু তেওঁৰ পত্নী ছুইটি ৰাজা লস্কৰৰ মাজত ব্যক্তিগত তথা পাৰিবাৰিক কাজিয়া চলি আছিল। দুয়োৰে মাজত সৃষ্টি হোৱা মতানৈক্যৰ বাবে জাজৰিত বাস কৰা মাতৃৰ পৰা সঞ্জীৱ আঁতৰি থাকিবলগীয়া হৈছিল।
আনহাতে, ১৫ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা সঞ্জীৱ আছিল পিতৃ–মাতৃৰ একমাত্ৰ সন্তান।
ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
ইয়াৰ লগতে আজিৰ দিনটোতে কাছাৰ জিলাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এগৰাকী বিবাহিতা মহিলাৰ মৃতদেহ। মহিলাগৰাকীৰ স্বামী আৰু শহুৰেকে তেওঁক কেইবামাহ ধৰি অত্যাচাৰ চলাই আহিছিল বুলি অভিযোগ উঠিছে।
মৃতকৰ পৰিয়ালৰ লোকে তেওঁৰ স্বামী আৰু শহুৰেকে যৌতুকৰ বাবে হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰি তেওঁলোকে হত্যা কৰা বুলি দাবী কৰে।
ঘটনাৰ পিছতে অভিযুক্ত পৰিয়ালটো পলাতক অৱস্থাত আছে।