ভাৰত-বাংলাদেশ সীমান্তত তিনিজন অস্ত্ৰ সৰবৰাহকাৰীৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ বি এছ এফৰ
ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে।
এই ঘটনাৰ সৈতে জড়িত থকা তিনিজন লোককো বি এছ এফৰ অভিযানকাৰী দলটোৱে আটক কৰে।
বি এছ এফৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিশেষ তথ্যৰ পৰা তেওঁলোকে ভাৰত-বাংলাদেশ সীমান্তত অবৈধ অস্ত্ৰৰ সৰবৰাহৰ বিষয়ে সম্ভেদ লাভ কৰিছিল আৰু দেওবাৰে নিশা মিজোৰামৰ মামিত জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত অভিযান চলায়।
এই অভিযান কালতে বি এছ এফৰ ৯০ নং বেটেলিয়নৰ এটা দলে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আনহাতে, সফল অভিযানটোৰ সময়ত বি এছ এফে দুখনকৈ চাৰিচকীয়া বাহনো জব্দ কৰিবলৈ সক্ষম হয়।
জব্দ কৰা অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত ২৮ টা একে চিৰিজৰ ৰাইফল, এটা ৫.৫৮ এম এম এ কে-৭৪ ৰাইফল, এটা কাৰবাইন আৰু ৭,৮৯৪ জাঁই সজীৱ গুলি।
অভিযানকালত আটক হোৱা লোক তিনিজন লালহুৱাপজুৱাভা(৫৬), ভানলালৰুৱাটা(২৫), আৰু লিয়ানচাংগা(৪৬) বুলি চিনাক্ত কৰা হয়।
আটকাধীন লোক তিনিজনৰ পৰা ৩৯,০২০ টকাও জব্দ কৰে বি এছ এফৰ দলটোৱে।