NORTHEAST NOW (Assamese)

অৰুণাচলৰ চীন সীমান্তত ২০০০ ম’বাইল টাৱাৰ স্থাপন কৰিব বি এচ এন এল-এ

February 15, 2019 7:19 pm · অনুপ শৰ্মা
প্ৰতীকী ছবি।

অৰুণাচল প্ৰদেশৰ সংবেদনশীল চীন সীমান্তত ২০০০ ম’বাইল টাৱাৰ স্থাপন কৰিব বি এচ এন এল-এ।

সীমান্ত অঞ্চলত যোগাযোগ উন্নত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰি ইতিমধ্যে প্ৰয়োজনীয় চাৰ্ভে’ আৰম্ভ কৰিছে ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৱে।

বি এচ এন এল (অসম চাৰ্কল)ৰ মুখ্য মহাপ্ৰবন্ধক সন্দীপ গ’ৱিলে গুৱাহাটীত শুকুৰবাৰে এই কথা সদৰী কৰি জনায় যে শেহতীয়াকৈ ভাৰতৰ টেলিকমিউনিকে’চন বিভাগে এইক্ষেত্ৰত সেউজ সংকেত দিছে।

ম’বাইল টাৱাৰসমূহ স্থাপন হ’লে চীন সীমান্তৰ নিৰাপত্তাত নিয়োজিত আই টি বি পি (Indo Tibetan Border Police)ৰ দীৰ্ঘদিনৰ দাবী পূৰণ হোৱাৰ লগতে আন বাহিনীসমূহৰো সহায় হ’ব।

ভাৰতৰ বাংলাদেশ, ভুটান আৰু ম্যানমাৰ সীমান্তত ম’বাইল টাৱাৰ আছে যদিও আজি পৰ্য্যন্ত চীনৰ সীমাত এই সুবিধা নাছিল।

Related News