NORTHEAST NOW (Assamese)

ওৰ পৰিল তিনিটা কাৰ্যকালৰ হাগ্ৰামাৰ ৰাজ; বিটিএডিত ৰাজ্যপালৰ শাসন

April 27, 2020 9:20 pm · এন ই নাও নিউজ

বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক(BTAD)ত হাগ্ৰামা মহিলাৰী তিনিটা কাৰ্যকালৰ শাসন ওৰ পৰিল।

আজি অসমৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে নিজৰ হাতলৈ আনিলে বিটিএডিৰ শাসনভাৰ।

উল্লেখ্য যে চলিত মাহত বিটিএডিৰ নিৰ্বাচন হোৱাৰ কথা আছিল যদিও ক’ৰ’নাতংকৰ বাবে নিৰ্বাচন স্থগিত ৰাখিছিল ৰাজ্যিক নিৰ্বাচন আয়োগে।

অসম চৰকাৰে প্ৰকাশ কৰা জাননী উল্লেখ কৰা হৈছে যে ‘এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অনুসৰি বিটিএডিৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন কাৰ্য পৰিচালনা কৰা সম্ভৱ নহয়।’

সেয়ে তাৎক্ষিণকভাৱে কাৰ্যকৰী হোৱাকৈ অসমৰ ৰাজ্যপালে বিটিএডিৰ শাসনভাৰ নিজৰ হাতলৈ আনিছে। এতিয়াৰে পৰা ছমাহলৈ বিটিএডিৰ শাসনভাৰ ৰাজ্যপালৰ হাতত থাকিব।

ৰাজ্যপালে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব ৰাজেশ প্ৰসাদক বিটিএডিৰ প্ৰশাসকৰূপে নিযুক্ত কৰিছে।

য়ুউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো আৰু এবছু সভাপতি দ্বীপেন বড়োৱে বিটিএডিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰাত সন্তোষ প্ৰকাশ কৰাৰ লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।

Related News