NORTHEAST NOW (Assamese)
অসম

আলফাৰ চহিদৰ পৰিয়াললৈ আৰ্থিক সাহায্য দিব মহিলাৰীয়ে; আত্মসমৰ্পণকাৰী আলফা সদস্যকো দিব ঘৰ, সাহায্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 23, 2019 8:25 pm
Loksabha election: Hagrama campaign in Kokrajhar

অসম আন্দোলনৰ চহিদসকলৰ দৰে আলফাৰ চহিদসকলৰ পৰিয়ালকো চৰকাৰৰ সাহায্য দিয়া হ’ব বুলি ঘোষণা কৰিছে বিটিচিৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰীয়ে।

অহা বছৰৰ পহিলা ভাগতে অনুষ্ঠিত হ’ব লগীয়া বিটিচি পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বি টি এ ডিৰ অধীনৰ এলেকাত বিভিন্ন উন্নয়নমূলক কাৰ্য্যসূচী লোৱা আৰু আঁচনি ঘোষণাৰ মাজতে ২২ ডিচেম্বৰত বাক্সাত অনুষ্ঠিত এখন সভাত মহিলাৰীয়ে এই কথা প্ৰকাশ কৰিছে। সভাখনত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াও উপস্থিত আছিল।

অঞ্চলটোৰ অধীনত থকা আলফাৰ চহিদসকলৰ পৰিয়ালক আৰ্থিক সাহায্য দিয়াৰ উপৰি নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটোৰ আত্মসমৰ্পণ কৰা সদস্যসকলকো আৰ্থিক সাহায্য দিয়া হ’ব বুলি মহিলাৰীয়ে প্ৰতিশ্ৰুতি আগ বঢ়ায়।

মহিলাৰীৰ ভাষ্যমতে, চহিদৰ পৰিয়াল বা আত্মসমৰ্পণকাৰী সদস্যসকলৰ পৰিয়ালক তেওঁলোকৰ জীৱন-জীৱিকা উন্নত কৰিবলৈ সম্বল হিচাপে এই সাহা্য্য আগ বঢ়োৱা হ’ব। সাহায্য দিয়াৰ উপৰি তেওঁলোকক ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবেও সহায় আগ বঢ়োৱা হ’ব।

কিছু সংখ্যক সদস্য (আত্মসমৰ্পণকাৰী)ক ঘৰ দিয়া হ’ব বুলিও তেওঁ মন্তব্য কৰে।

মহিলাৰীৰ ঘোষণা কাৰ্য্যকৰী হ’লে বি টি এ ডিত নিয়োগহীনতা আৰু উপাৰ্জনৰ পথৰ অভাৱত দিন কটোৱা এই পৰিয়ালবোৰৰ জীৱনলৈ ই কিছু সকাহ কঢ়িয়াই আনিব পাৰে।

আনহাতে বি টি এ ডিৰ বাহিৰত অসমৰ অন্যান্য ঠাইত থকা এনে বৃহৎ সংখ্যক চহিদ পৰিয়াল বা আত্মসমৰ্পণকাৰী আলফা সদস্যৰ বাবেও একেই চিন্তা কৰিবলৈ ই অসম চৰকাৰক এটা বাট দেখুৱাব পাৰে।

তেওঁ বড়ো-অবড়ো বিভাজনক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনায় কয়, “এইটো কোনো এটা পক্ষৰ বাবেই মংগলদায়ক নহয়। মাথো প্ৰভেদহে বৃদ্ধি কৰিব”।

নাগৰিকত্ব (সংশোধন) আইনৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মহিলাৰীৰ মন্তব্য, “আইনখন বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। ন্যায়ালয়ে যি ৰায় দিয়ে তাকে মানি ল’ম।”

বি টি চি মুৰব্বীজনৰ এই ঘোষণাৰ পিছত স্বাভাৱিকভাৱে অহা প্ৰশ্নটো হ’ল অসম চৰকাৰেও এই দুৰ্ভগীয়া পৰিয়ালবোৰক সাহায্য দিয়াৰ বিবেচনা কৰিব পাৰে নেকি?