NORTHEAST NOW (Assamese)
অসম

স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কিমান মানুহে কৰিব পাৰিব অংশগ্ৰহণ? নতুন SOP প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2021 3:23 pm
sssa

১৫ আগষ্টৰ দিনা দেশে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস।

অসমতো চৰকাৰী তথা বে-চৰকাৰী উদ্যোগত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে।

কোভিড পৰিস্থিতৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্টুপীয়াকৈ পালন কৰা হ’ব।

অতিমাৰীৰ পৰিপ্ৰেক্ষিততে অসম চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে আজি স্বাধীনতা দিৱস উপলক্ষ্যে এখন নতুন SOP প্ৰকাশ কৰিছে।

নতুন SOP ত স্বাধীনতা দিৱসৰ কেনে কাৰ্যসূচীত কিমান সংখ্যক লোকে অংশগ্ৰহণ কৰিব পাৰিব সেই বিষয়ে উল্লেখ্য কৰা উল্লেখ কৰা হৈছে। SOP অনুসৰি ৰাজ্যিক ভিত্তিত মুকলি ঠাইত অনুষ্ঠিত কৰা স্বাধীনতা দিৱসৰ কতাৰ্যসূচীত সৰ্বাধিক ১৫০০ গৰাকী লোকে অংশ ল’ব পাৰিব।

জিলা ভিত্তিত মুকলি ঠাইত অনুষ্ঠিত কৰা স্বাধীনতা দিৱৰ কাৰ্যসূচীত সৰ্বাধিক ৫০০ গৰাকী লোক উপস্থিত থাকিব পাৰিব। একেদৰে মহকুমা ভিত্তিত কোনো মুকলি স্থানত আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সৰ্বাধিক ৩০০ লোক উপস্থিত থাকিব পাৰিব।

এই স্থান সমূহৰ উপৰি আন স্থানত অনুষ্ঠিত কৰা অনুষ্ঠানত সৰ্বাধিক ২০০ লোক উপস্থিত থাকিব পাৰিব।

কোনো বন্ধ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা অনুষ্ঠানত প্ৰেক্ষাগৃহৰ আসমৰ সংখ্যাৰ ৫০ শতাংশ লোক অথবা সৰ্বাধিক ২০০ লোক উপস্থিত থাকিব পাৰিব।

SOP ত লগতে এইবুলিও কোৱা হৈছে যে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰী আৰু আন লোকসকলক কাৰ্ফিউৰ পৰা ৰেহাই দিয়াৰ লগতে বাহনৰ যুগ্ম-অযুগ্ম ব্যৱস্থাৰ পৰাও ৰেহাই দিয়া হ’ব।

একেদৰে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলে যাৱতীয় কোভিড বিধি যেনে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব  মানি চলা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা আদি নিয়ম সমূহ মানি চলিব লাগিব।