NORTHEAST NOW (Assamese)

ডিচেম্বৰত বি টি চি নিৰ্বাচন; বিজেপিৰ নেতৃত্বত হ’ব চৰকাৰ : মন্ত্ৰী হিমন্ত

October 14, 2020 9:30 am · ৰিনয় বসুমতাৰী
ফটো : নৰ্থ-ইষ্ট নাও

মহামাৰী ক’ৰ’না ভাইৰাছৰ বাবে স্থগিত হৈ থকা বি টি চি নিৰ্বাচন অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা জনাইছে।

মঙলবাৰে মন্ত্ৰী শৰ্মাই কোকৰাঝাৰত বিজেপি এছ টি মৰ্চাৰ এখন সভাত অংশ লৈছিল আৰু তাতেই তেওঁ এই কথা উল্লেখ কৰে।

নিৰ্বাচনক কেন্দ্ৰ কৰি আয়োজন কৰা বৈঠকত হিমন্তই উদাত্ত কণ্ঠৰে দাবী কৰি কয় যে যেনেদৰে কাৰ্বি আংলং আৰু ডিমা হাচাওত হৈছিল তেনেদৰে বিটিচিতো বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ’ব।

মন্ত্ৰী শৰ্মাই লগতে বিজেপি আৰু বিপিএফৰ মিত্ৰতা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। এই সন্দৰ্ভত তেওঁ কয় যে মিত্ৰতা পাঁচবছৰৰ বাবে আছিল আৰু সেয়া চলি আছে, ভৱিষ্যতত সময় আৰু পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা হ’ব।

ইফালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাসে বিপিএফৰ বহু নেতাই বিজেপিত যোগদান কৰিব বুলি কৰা মন্তব্যৰ আলম লৈ মন্ত্ৰী শৰ্মাই কয় যে তেওঁলোকে কেতিয়া যোগদান কৰে নাজানো কিন্তু কথা বতৰা চলি আছে।

Related News