বিটিচি নিৰ্বাচন; দুৰ্নীতি আৰু কমিছন ৰাজ বন্ধ কৰাৰ প্ৰতিশ্ৰুতিৰে বিজেপিৰ ইস্তাহাৰ মুকলি
অহা ৭ আৰু ১০ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে আজি বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে।
দলৰ সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া আৰু বিশ্বজিৎ দৈমেৰীৰ উপস্থিতিত কোকৰাঝাৰৰ ত্ৰিবেণী ভৱনত নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰা হয়।
ইস্তাহাৰ মুকলি কৰি মন্ত্ৰী হিমন্তই কয় যে দলটোৱে বিটিচি অঞ্চলৰ ৫০ টা বিষয়ৰ ওপৰত জোৰ দিছে।
‘বিটিচিত বিজেপি শাসনলৈ আহিলে দুৰ্নীতি আৰু কমিছন ৰাজ বন্ধ কৰা হ’ব। গেৰুৱা দলটোৱে বিটিচি চুক্তি মানি চলিব। সীমাৰ কোনো গাঁও যদি বিটিচিত সোমাব বিচাৰে তেন্তে আমি সেই সন্দৰ্ভত সিদ্ধান্ত লম’, সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মন্ত্ৰী শৰ্মাই।
ইস্তাহাৰত লগতে কোৱা হৈছে যে বডো আৰু অসমীয়া ভাষাক সমান গুৰুত্ব দিয়া হ’ব আৰু দুয়োটা ভাষা একেলগে আগবঢ়াই লৈ যোৱা হ’ব।
মন্ত্ৰীজনে লগতে কয় যে ইস্তাহাৰখনে যুৱসকলক স্থায়ী নিযুক্তি প্ৰদানৰ ওপৰতো অধিক গুৰুত্ব প্ৰদান কৰিছে।
বিজেপিয়ে লগতে নিশ্চিত কৰে যে দলটোৱে প্ৰতিটো মহকুমাতে মহাবিদ্যালয় স্থাপন কৰিব।
ইস্তাহাৰত লগতে কোৱা হয় যে যদি বিজেপি শাসনত আহে তেন্তে বিটিচিত শীঘ্ৰে ভিচিডিচি ভংগ কৰি দিয়া হ’ব। বিটিচিৰ লোকসকল অৰুণোদয়, স্বয়ম, অৰুন্ধতি আঁচনি আদিৰ পৰাও উপকৃত হ’ব বুলি উল্লেখ আছে।
আত্মসহায়ক গোট সকলোক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ লগতে বিটিচিৰ বিকাশমূলক কামৰ বাবে কেন্দ্ৰৰ পৰা অতিৰিক্ত পুঁজি মুকলি কৰা হ’ব বুলি ইস্তাহাৰত উল্লেখ কৰে।
বিজেপি শাসনত অহাৰ পিছতে ওদালগুৰিত বড়ো বিশ্ববিদ্যালয়, তামুলপুৰত চিকিৎসা মহাবিদ্যালয়ৰ লগতে বিটিচি অঞ্চলত ৪০ খনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।
বিটিচি অঞ্চলৰ চাহ বাগিচা সমূহত হাইস্কুল স্থাপন কৰিব বুলিও মন্ত্ৰী শৰ্মাই উল্লেখ কৰে।