NORTHEAST NOW (Assamese)
অসম

প্ৰমোদ বড়োৰ বিৰুদ্ধে হাগ্ৰামাই কৰি অহা মন্তব্যক ভিত্তিহীন আখ্যা অৰূপ কুমাৰ দেৰ

Posted by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ December 3, 2021 3:20 pm
BTC spoke person Arup Kumar Dey

প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফ ৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বাৰে বাৰে প্ৰমোদ বড়ো নেতৃত্বত বিটিচি চৰকাৰৰ বিৰুদ্ধে তাৎপৰ্য মন্তব্য কৰি অহাৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিচি চৰকাৰৰ মুখপাত্ৰ অৰূপ কুমাৰ দেই |

হাগ্ৰামা মহিলাৰীয়ে বিটিআৰৰ বিভিন্ন ৰাজহুৱা সভাত বিটিচি প্ৰধান আৰু চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰাটো গৰ্হিত কথা বুলি দেই সংবাদমেলত মন্তব্য কৰে।

বিটিচি চৰকাৰ বৰ্তমানলৈ ঠিকে চলিছে আৰু চলিব, প্ৰমোদ বড়োৰ নেতৃত্ব চৰকাৰে ৰাইজৰ হকে কাম কৰি আছে আৰু কৰি থাকিব বুলি দেই কয়।

উল্লেখ্য যে বুধবাৰে উলাগুৰি ভেৰগাঁৱৰ বিটিচি অঞ্চলত অনা-বড়ো লোকসকলৰ মাটি কিনা-বেচা প্ৰক্ৰিয়া প্ৰমোদ বড়োৱে বন্ধ কৰিছে । অকল জনজাতি লোকসকলেহে মাটি কিনা-বেচা কৰিব পাৰিব বুলি মন্তব্য কৰিছিল হাগ্ৰামা মহিলাৰীয়ে ।

লগতে ‘মাটিৰ অধিকাৰ খৰ্ব কৰাৰ বাবে পুনৰ বিটিচি অঞ্চলত অনা-বড়ো আৰু বড়ো লোকসকলৰ মাজত অশান্তিৰ সৃষ্টি কৰাৰ চেষ্টা প্ৰমোদ বড়োৱে কৰি অহা বুলি হাগ্ৰামাই কৈছিল।

হাগ্ৰামাই লগতে এই বুলিও অভিযোগ কৰিছিল যে প্ৰমোদ বড়োৱে নিজ ইচ্ছাৰে বিটিচি চলাইছে । প্ৰমোদ বড়োৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰীয়ে কৰা এনে এনে মন্তব্যসমূহ সম্পূৰ্ণ ভিত্তিহীন বুলি সংবাজমেলত মন্তব্য কৰে বিটিচি চৰকাৰৰ মুখপাত্ৰ অৰূপ কুমাৰ দেই ।