NORTHEAST NOW (Assamese)
অসম

ৰাজ্যপাল শাসন এদিনো যদি বৃদ্ধি কৰা হয় তেন্তে বিটিচিত জুই জ্বলিব; সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিস্ফোৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 5, 2020 9:47 pm

‘‘বিটিচিত ৰাজ্যপাল শাসন যদি এদিনো বৃদ্ধি কৰা হয়, তেতিয়াহ’লে বিটিচিত জুই জ্বলিব। আমি অপেক্ষা কৰিছো ৬ অক্টোৱৰৰ সৰ্বদলীয় বৈঠকলৈ। যিহেতু অহা ২৭ অক্টোৱৰত ৰাজ্যপাল শাসনৰ ৬ মাহ পূৰ্ণ হ’ব। তাৰ পূৰ্বে আমি বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জানাইছো’’ আজি নাগ্ৰীজুলিত সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত নৱ কুমাৰ শৰণীয়াই এই দৰে মন্তব্য কৰে।

বিটিচি চুক্তি কাৰ্যকৰীকৰণক লৈ সোধা এক প্ৰশ্ন উত্তৰত সাংসদ গৰাকীয়ে পুনৰ কয় যে, বিটিচি নিৰ্বাচন এতিয়ালৈকে স্থগিত হোৱা নায়। গতিকে ইয়াত বিটিআৰ চুক্তি কাৰ্যকৰী হোৱা কথাক লৈ কোনোধৰণৰ প্ৰশ্নই আহিব নোৱাৰে।

বিটিচি নিৰ্বাচনৰ প্ৰক্ৰিয়া বৰ্তমান শেষ পৰ্যায়ত আছে। নিৰ্বাচন অনুষ্ঠিত কৰি সমাপ্ত কৰাৰ বাবে মাত্ৰ ন-দহ দিনৰ কামহে বাকী আছে।

বি টি চিত কোভিডৰ সংক্ৰমণ এতিয়াও সমাপ্ত হোৱা নাই কিন্তু অসম চৰকাৰ মন্ত্ৰী পীযুষ হাজৰিকা, ভৱেশ কলিতাৰ উপৰিও বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী,  ইউপিপিএলৰ নেতা  প্ৰমোদ বড়োই সহস্ৰাধিক লোকৰ সৈতে বিটিচিত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি তাকে প্ৰমাণ কৰি আহিছে বুলিও শৰণীয়াই কয়।

‘‘ৰাজ্যপাল শাসনৰ প্ৰসংগ পুনৰ টানি আনি সাংসদ গৰাকীয়ে কয় যে, যদি ৰাজ্যপাল শাসন বৃদ্ধি কৰা হয় তেতিয়া হ’লে বিটিচি নিশ্চিতভাৱে জ্বলিব। বিপিএফৰ কাৰ্যকাল শেষ হোৱাৰ পিছত আমিয়ে ৰাজ্যপালৰ শাসন বিচাৰিছিলোঁ। কিন্তু এতিয়া গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত কাৰোবাৰ ময়মতালি আৰু ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে যদি এদিনৰ বাবেও বিটিচিত ৰাজ্যপাল শাসন বৃদ্ধি কৰা হয় তেতিয়া বিটিচিৰ ৰাইজে ভয়ানক গণতান্ত্ৰিক কাৰ্যসূচী হাতত ল’ব,’’ সাংসদ নৱ কুমাৰ শৰণীয়াই পুনৰ কয়।

সাংসদ গৰাকীয়ে ইউপিপিএল দলক সমালোচনা কৰি বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত ইউপিপিএল দলৰ সপক্ষে এটা ঢৌ আহিছিল কিন্তু বৰ্তমান সময়ত  ইউ পি পি এল দলৰ ঢৌ ম্লান হৈ গল।

বিটিআৰ চুক্তি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা হৈছে আৰু এইটো সঠিক কথা হোৱা নাই বুলিও সাংসদ গৰাকীয়ে কয়।