NORTHEAST NOW (Assamese)

ৰাজপ্ৰসাদ এৰিলে ৰাজকুমাৰ হেৰী আৰু পত্নী মেঘানে; খালী কৰিলে ৰাণীৰ উপহাৰ ‘ফ্ৰগম’ৰ কটেজ’

June 30, 2023 9:04 am · এন ই নাও নিউজ, গুৱাহাটী

ব্ৰিটেইনৰ ৰাজপৰিয়ালৰ উইণ্ডচৰ প্ৰাসাদত থকা ঘৰ খালী কৰিছে ৰাজকুমাৰ হেৰী আৰু তেওঁৰ পত্নী মেঘান মাৰ্কলে। বৃহস্পতিবাৰে বাকিংহাম পেলেছৰ পৰা এই কথা নিশ্চিত কৰা হৈছে।

‘ফ্ৰগম’ৰ কটেজ’ নামৰ এই ঘৰটো ২০১৮ চনত প্ৰয়াত ৰাণী দ্বিতীয় এলিজাবেথে হেৰী আৰু মেঘানক উপহাৰ দিছিল।

লগতে পঢ়ক: অন্ধকাৰত মুখ্যমন্ত্ৰী! মন্ত্ৰীক বৰ্খাস্ত ৰাজ্যপালৰ; ‘অভূতপূৰ্ব’ পদক্ষেপকলৈ তোলপাৰ তামিলনাডু

ৰাজকুমাৰ হেৰীৰ বিতৰ্কিত আত্মজীৱনী ‘স্পেয়াৰ’ জানুৱাৰী মাহত প্ৰকাশ পাইছিল। ৰজা তৃতীয় চাৰ্লছৰ কনিষ্ঠ পুত্ৰ ৰাজকুমাৰ হেৰীয়ে ইয়াত ৰাজ পৰিয়ালক তীব্ৰ সমালোচনা কৰে।

ইয়াৰ পিছতে সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে ইয়াৰ লগে লগে হেৰীক তেওঁৰ লগত থকা ৰাজকীয় পৰিয়ালৰ সকলো বস্তু এৰিবলৈ কোৱা হয়।

বৃহস্পতিবাৰে ৰাজপ্ৰসাদৰ জ্যেষ্ঠ বিষয়া মাইকেল ষ্টিভেন্সে ৰজাৰ বিত্তীয় সম্পৰ্কীয় বাৰ্ষিক প্ৰতিবেদনত কয় যে ‘’আমি নিশ্চিত কৰিব পাৰো যে ছাচেক্সৰ ডিউক আৰু ডাচেছে ফ্ৰগম’ৰ কটেজ খালী কৰি দিছে।‘’

লগতে পঢ়ক: থানাত কিশোৰী নিৰ্যাতনকাৰী আৰক্ষী বিষয়া পলাতক; সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা ডিজিপিৰ

হেৰী আৰু মেঘানক ডিউক অৱ ছাচেক্স আৰু ডাচেছ অৱ ছাচেক্স বুলিও জনা যায়। ৰাজপ্ৰসাদৰ আৰ্থিক কাম-কাজ চোৱাচিতা কৰা ষ্টিভেন্সে লগতে কয় যে ‘আমি ইয়াত নিষ্পত্তিৰ বিষয়ে সবিশেষ জনাবলৈ যোৱা নাই।‘

Related News