NORTHEAST NOW (Assamese)

প্ৰতিক্ষাৰ অন্ত; ভাৰতীয় দলত অসমৰ বুলেন বুঢ়াগোহাঁই

September 25, 2019 4:47 pm · এন ই নাও নিউজ
ফটো উৎস : ফেইচবুক

চেক গণৰাজ্যৰ প্ৰাগত অনুষ্ঠিত হ’ব লগীয়া এক আন্তঃৰাষ্ট্ৰীয় য়ুথ বক্সিং প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰিছে অসমৰ বুলেন বুঢ়াগোহাঁয়ে।

২৫ ছেপ্তেম্বৰৰ পৰা ২৯ ছেপ্তেম্বৰলৈ চলিব লগীয়া ২৮ সংখ্যক জুলিয়াছ টৰ্মা সোঁৱৰণী আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত বুলেনকে ধৰি ভাৰতৰ পাঁচগৰাকী পুৰুষ আৰু পাঁচগৰাকী মহিলা বক্সাৰে অংশ লব।

প্ৰতিভা সম্পন্ন অসমৰ এই গৰাকী যুৱ বক্সাৰে প্ৰতিযোগিতাখনৰ ৫৬ কেজি ওজন শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

শিৱসাগৰ জিলাৰ নেমুগুৰিৰ প্ৰয়াত পিতৃ জগত বুঢ়াগোহাঁই আৰু মাতৃ চন্দ্ৰমা বুঢ়াগোহাঁইৰ পুত্ৰ বুলেনে বিগত কেইবা বছৰৰ পৰা গুৱাহাটী ছাই প্ৰশিক্ষণ কেন্দ্ৰত বক্সিংঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ উমান দাঙি ধৰা বুলেনে দুবাৰৰ অলিম্পিয়ান শিৱ থাপাৰ পিছতেই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে।

Related News