NORTHEAST NOW (Assamese)

বুমৰাহ আৰু ছামিয়ে একেলগে নেখেলে সীমিত অভাৰৰ মেচ, জানক ইয়াৰ কাৰণ

November 19, 2020 3:21 pm · এন ই নাও নিউজ

ভাৰতীয় দল অষ্ট্ৰেলিয়ালৈ গৈছে এক দীঘলীয়া ভ্ৰমণলৈ, য’ত তিনিখন এদিনীয়া, তিনিখন টি-২০ আৰু চাৰিখন টেষ্ট মেচৰ শৃংখলা খেলিব।

এই ভ্ৰমণচোৱাত ভাৰতীয় দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামিয়ে একেলগে সীমিত অভাৰৰ শৃংখলা খেলাৰ সম্ভাৱনা কম।

প্ৰকৃততে, ভাৰতীয় দলে দুয়োজন বলাৰক চাৰিখন টেষ্ট মেচৰ শৃংখলাৰ বাবে সাজু ৰাখিব বিচাৰে আৰু সেয়ে এদিনীয়া আৰু টি-২০ শৃংখলাত সুযোগ কমকৈ দিয়াৰ সম্ভাৱনা আছে।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাটোত দুয়োগৰাকী বলাৰ ভাৰতীয় দলৰ বাবে গুৰুত্বপূৰ্ণ হ’ব।

কিয়নো অভিজ্ঞ বেগী বলাৰ ঈশান্ত শর্মাৰ আঘাতৰ স্থিতি এতিয়াও স্পষ্ট হোৱা নাই, সেয়ে টেষ্ট শৃংখলাৰ বাবে ভাৰতৰ বলিং বিভাগৰ মুখ্য ভুমিকা বুমৰাহ আৰু ছামিয়েই গ্ৰহণ কৰিব লাগিব।

এইবোৰ কাৰণৰ বাবেই ভাৰতীয় দলৰ মেনেজমেণ্টে ১২ দিনৰ ভিতৰত হ’বলগীয়া সীমিত অভাৰৰ ছয়খন মেচত দুয়োজন বলাৰৰ ওপৰত কোনো ৰিস্ক ল’ব খোজা নাই।

উল্লেখ্য যে টেষ্ট শৃংখলাটো ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব। অষ্ট্ৰেলিয়াৰ পিটচত বুমৰাহ আৰু ছামিৰ বলিং কৰাৰ অভিজ্ঞতা আছে আৰু তেওঁলোকৰ হৈ থাকিব দলটোৰ বলেং বিভাগ।

ছামিয়ে এইপৰ্যন্ত ৪৯ খন টেষ্ট মেচত ১৮০ টা উইকেট সংগ্ৰহ কৰাৰ বিপৰীতে বুমৰাহে ১৪ খন টেষ্ট মেচত ৪৮ টা উইকেট দখল কৰে।

যদি ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিব লাগে, তেন্তে বলিং আৰু বেটিং বিভাগে সুন্দৰ প্ৰদৰ্শন কৰিব লাগিব।

Related News