NORTHEAST NOW (Assamese)
Popular Stories

নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ২০২৬: মণিপুৰী চলচ্চিত্ৰ ‘বুং’লৈ তিনিটাকৈ সন্মান

Posted by: এন ই নাও নিউজ, গুাৱাহাটী Updated by: এন ই নাও নিউজ, গুাৱাহাটী June 2, 2026 3:26 pm

নিউয়ৰ্কত অনুষ্ঠিত হৈ যোৱা নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ২০২৬-ত বাফটা বঁটা বিজয়ী মণিপুৰী চলচ্চিত্ৰ ‘বুং’-এ তিনিটাকৈ শীৰ্ষ সন্মানেৰে উজলি উঠিছে। দেওবাৰে নিশা এক বৰ্ণাঢ্য বঁটা প্ৰদান অনুষ্ঠানেৰে সামৰণি পৰা এই মহোৎসৱত ছবিখনে শ্ৰেষ্ঠ শিশু শিল্পী, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ নৱাগত ছবিৰ বঁটা লাভ কৰি সমগ্ৰ অনুষ্ঠানটোৰ সৰ্বাধিক বঁটা বিজয়ী হিচাপে পৰিগণিত হয়। ভাৰতীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠতম সৃষ্টিসমূহক দহটা প্ৰতিযোগিতামূলক শাখাত সন্মানিত কৰাৰ উদ্দেশ্যে আয়োজিত এই চাৰিদিনীয়া মহোৎসৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় আঞ্চলিক ছবিৰ আধিপত্যক পুনৰবাৰ প্ৰতিষ্ঠা কৰিছে।

মহোৎসৱত মণিপুৰী ছবি ‘বুং’-ৰ বাবে লক্ষ্মীপ্ৰিয়া দেৱীয়ে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰাৰ লগতে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা গুগুন কিপগেনে শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা অৰ্জন কৰে। ইয়াৰ উপৰি ফিল্ম ক্ৰিটিকছ চাৰ্কল অৱ ইণ্ডিয়াৰ দ্বাৰা ছবিখনক শ্ৰেষ্ঠ নৱাগত ছবি হিচাপে নিৰ্বাচিত কৰা হয়। যোৱা ২৮ মে’ৰ পৰা ৩১ মে’লৈ আয়োজিত এই মহোৎসৱত ‘বাক্সো বন্দী’ অৰ্থাৎ শ্বেড’বক্স-এ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শীৰ্ষ সন্মান লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ২৯ মে’ত ‘বুং’-ৰ এক বিশেষ প্ৰদৰ্শনীৰে এই বৰ্ষৰ চলচ্চিত্ৰ মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছিল।

ইণ্ডো-আমেৰিকান আৰ্টছ কাউন্সিলৰ উদ্যোগত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় ক্লাছিক ছবি ‘শ্বোলে’ৰ ফ’ৰ-কে (4K) সংস্কৰণো প্ৰদৰ্শন কৰা হয়। প্ৰতিযোগিতাৰ আন আন শাখাসমূহৰ ভিতৰত ‘বিমুক্ত’ ছবিখনৰ বাবে নিখিল যাদৱক শ্ৰেষ্ঠ অভিনেতা আৰু ‘ভিক্টোৰিয়া’ৰ বাবে মীনাক্ষী জয়ানক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়। আনহাতে, ‘তিঘী’ নামৰ ছবিখনৰ বাবে নিখিল মহাজন আৰু প্ৰাজক্ত দেশমুখে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰে। নন-ফিক্সন শাখাত ‘ডেজা ভূ’-এ শ্ৰেষ্ঠ তথ্যচিত্ৰ (পূৰ্ণদৈৰ্ঘ্য) আৰু ‘ৱাই’-এ শ্ৰেষ্ঠ তথ্যচিত্ৰ (চুটি) সন্মান লাভ কৰাৰ বিপৰীতে ‘জ’ছ টাৰ্ণ’-এ শ্ৰেষ্ঠ চুটি ছবি (নেৰেটিভ)ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

উত্তৰ আমেৰিকাত ভাৰতীয় স্বতন্ত্ৰ চলচ্চিত্ৰৰ প্ৰচাৰৰ উদ্দেশ্যে আয়োজিত এই সুদীৰ্ঘ মহোৎসৱত ১৫টা ভিন্ন ভাষাৰ ১৯খন কাহিনীচিত্ৰ (ফিচাৰ), ৪খন তথ্যচিত্ৰ (ফিচাৰ) আৰু ২৭খন চুটি ছবি প্ৰদৰ্শন কৰা হয়। ইয়াৰ ভিতৰত কেইবাখনো ছবিৰ ৱৰ্ল্ড প্ৰিমিয়াৰ আৰু এলজিবিটিকিউ বিষয়ৰ বিশেষ চুটি ছবিৰ কাৰ্যসূচীও অন্তৰ্ভুক্ত আছিল, যিয়ে সাম্প্ৰতিক ভাৰতীয় চলচ্চিত্ৰত আঞ্চলিক কাহিনী কথনৰ ক্ৰমৱৰ্ধমান প্ৰভাৱক প্ৰতিফলিত কৰিছে। মহোৎসৱৰ সঞ্চালক অসীম ছাব্ৰাই প্ৰকাশ কৰা মতে, এইবাৰৰ মনোনীত ছবিসমূহে বৰ্তমানৰ ভাৰতীয় কাহিনী কথনৰ পৰিসৰ আৰু গভীৰতাক প্ৰতিনিধিত্ব কৰিছে। মানৱীয় আৱেগৰ পৰা আৰম্ভ কৰি হাস্যৰস আৰু সাম্প্ৰতিক প্ৰজন্মৰ মানসিক সংঘাটক তুলি ধৰা এই সৃষ্টিসমূহে এনে এক চলচ্চিত্ৰ ধাৰাক প্ৰতিফলিত কৰিছে যি একেধাৰে নিজৰ শিপাৰ সৈতে সংযুক্ত আৰু গোলকীয় পৰ্যায়তো প্ৰাসংগিক বুলি তেওঁ মন্তব্য কৰে।

ভাৰতীয়-আমেৰিকান প্ৰবাসী সমাজৰ গণ্য-মান্য ব্যক্তি, চলচ্চিত্ৰ নিৰ্মাতা আৰু বহুসংখ্যক চলচ্চিত্ৰ অনুৰাগীৰ উপস্থিতিত দেওবাৰে নিশা অনুষ্ঠিত হোৱা এই বৰ্ণাঢ্য বঁটা প্ৰদান অনুষ্ঠানেৰে চলচ্চিত্ৰ মহোৎসৱখনৰ আনুষ্ঠানিক সামৰণি পৰে।