NORTHEAST NOW (Assamese)
Popular Stories

তিনিচুকীয়াত বন্ধুৱে হত্যা কৰিলে বন্ধুক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 12, 2023 2:36 pm

মঙলবাৰে নিশা তিনিচুকীয়া জিলাত এজন ৩৫ বছৰীয়া যুৱকক নিজৰ বন্ধুৱে হত্যা কৰে।

লাংকাছী থানাৰ অধীনস্থ ৰাবৰ বাৰি অঞ্চলত উমাকান্ত ভূঞা নামৰ অভিযুক্তজনে চোকা অস্ত্ৰৰে বন্ধুক হত্যা কৰে বুলি সূত্ৰই জানিবলৈ দিয়ে।

মৃত যুৱকজনৰ নাম বদলু মুৰা ।

ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।

বন্ধুক হত্যা কৰাৰ উদ্দেশ্যৰ আঁৰৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ইফালে আৰক্ষীয়ে বদলুৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ইয়াৰ পূৰ্বে যোগীঘোপাত ধনৰ বিনিময়ত নিজৰ বন্ধুক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

খবৰ অনুসৰি অভিযুক্ত ছাহিনুৰ ইছলামে ৩০ জুনত গাড়ী ক্ৰয় কৰিবলৈ ওলাই যোৱাৰ পিছত বন্ধু নৌছাদ আলীক হত্যা কৰে।