NORTHEAST NOW (Assamese)
অসম

মহানগৰীত দিন ডকাইতি; আঠগাঁও আৰু বেলতলাত সংঘটিত ডকাইতিৰ ঘটনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 29, 2019 6:23 pm
robbery

গুৱাহটী মহানগৰীৰ আঠগাঁৱত আজি দিন দুপৰতে সংঘটিত হয় এটা ডকাইতিৰ ঘটনা। বাইকত উঠি অহা ডকাইতৰ দলটোৱে বশিষ্ঠ পাঠক নামৰ লোকজনৰ হাতৰ পৰা থাপ মাৰি ৫ লাখ টকা লৈ উধাও হয়। আচম্বিত ঘটনাত একো তৎ ধৰিব নোৱাৰি পাঠকে সহায়ৰ বাবে চিঞৰিব ধৰে যদিও ইতিমধ্যে ডকাইতৰ দলটো পলাই যাবলৈ সক্ষম হয়।

বশিষ্ঠ পাঠকে বেংকৰ পৰা ধনখিনি উলিয়াই আনিছিল। অভিযোগ মতে ডকাইতৰ দলটোৱে বেংকৰ পৰা তেওঁক অনুসৰণ কৰি আহিছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক অভিযোগ দিয়া হৈছে।

আনহাতে, আঠগাঁৱৰ ডকাইতি কাণ্ডৰ সমান্তৰাল ভাৱে আজি বেলতলাতো সংঘটিত হয় আন এটা ডকাইতিৰ ঘটনা। ডকাইতৰ দলটোৱে বেলতলাৰ বাসিন্দা মদন শৰ্মা আৰু তেওঁৰ পত্নীৰ ঘৰত প্ৰবেশ কৰি দুয়োকে অচেতন কৰি সা-সম্পত্তি লুটি লৈ যায়।

গুৱাহাটী মহানগৰীত ক্ৰমাগতভাবে বৃদ্ধি পাই আহিছে হত্যা, ডকাইতিকে ধৰি অপৰাধজনিত ঘটনা। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী মহানগৰীৰ জনসাধাৰণৰ সুৰক্ষা বৃদ্ধি কৰাৰ বাবে চলিত মাহত এখন উচ্চস্তৰীয় বৈঠক আয়োজন কৰিছিল যদিও এতিয়ালৈ মহানগৰীত সুৰক্ষিত হোৱা নাই জীৱন আৰু সম্পত্তিৰ অধিকাৰ।