NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ আজাৰাত চলন্ত গাড়ীত অগ্নিকাণ্ড; কথমপি প্ৰাণ ৰক্ষা চালকসহ পাঁচ যাত্ৰীৰ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী November 17, 2021 2:02 pm

মহানগৰীৰ আজাৰাত চলন্ত গাড়ীত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।

আজাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সম্মুখৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত দাও দাওদাওকৈ জ্বলি উঠিল এখন চাৰিচকীয়া বাহন।

চুইফট ডিজাইৰৰ যান্ত্ৰিক বিজুতিৰ ফলত অগ্নি কাণ্ডৰ সূত্ৰপাত হয়।

বৰঝাৰ বিমানবন্দৰৰ পৰা যাত্ৰী লৈ শ্বিলঙলৈ গৈ থকা অৱস্থাতে আজাৰাৰ সমীপৰ গুৱাহাটী- গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথতে দপদপাই জ্বলি উঠিল বাহনখন।

চুইফট খনৰ নম্বৰ AS-01-MC-6580 ।

বিমানবন্দৰৰ পৰা ২গৰাকী মহিলাসহ ৪জন যাত্ৰী লৈ গৈ আছিল বাহনখনে । এই অগ্নিকাণ্ডত কোনো লোক আহত হোৱা নাই ।

ঘটনাস্থলীত Airforce বাহিনীৰ অগ্নিনিৰ্বাপক বাহন আহি নিয়ন্ত্ৰন কৰে জুই ।

ঘটনাস্থলীত উপস্থিত হয় ২খনকৈ অগ্নিনিৰ্বাপক বাহন ।