NORTHEAST NOW (Assamese)
Popular Stories

ঘৰত সোমাই আছিল কোভিড-১৯ পজিটিভ ধৰা পৰা বাছচালক, আতংকিত বোকাখাতবাসী

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 27, 2020 5:48 pm
1862 persons test COVID-19 positive in Assam on Friday

বিহাৰৰ পৰা আহি স্বাস্থ্য পৰীক্ষা নকৰাই ঘৰত সোমাই থকা বোকাখাতৰ এগৰাকী বাছ চালকৰ শৰীৰত আজি কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছত নগৰখনৰ লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে।

জানিব পৰা মতে শইকীয়া উপাধিৰ বাছ চালক গৰাকীয়ে যোৱা ১৮ মে’ত একাংশ শ্ৰমিকক লৈ বোকাখাতৰ পৰা বিহাৰলৈ গৈছিল। ২০ মে’ত তাৰ পৰা উভটি আহি চালকজনে গুৱাহাটীৰ আই এচ বি টিৰ ওচৰত নিশা কটাই ২৩ মে’ত বোকাখাত পায়হি।

উল্লেখযোগ্য যে বোকাখাতলৈ আহি থকা সময়ত কহঁৰাত স্বাস্থ্য পৰীক্ষাৰ বাবে ৰখোৱা হৈছিল তেওঁ তাৰ পৰা পলাই জ’ন ট্ৰেভেলচৰ অধীনত চলা এখন বাছেৰে আহি বোকাখাতত পায়হি।

বোকাখাতৰ ৪নং ৱাৰ্ডৰ এটা ভাড়া ঘৰত প্ৰায় ৩ৰ পৰা ৪ ঘণ্টা সময় লুকাই থকা অৱস্থাত চালকজনক বোকাখাত প্ৰশাসনে কৰায়ত্ব কৰি জে ডি এচ জি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

আজি উক্ত কোৱাৰেণ্টাইন কেন্দ্ৰটোত ধৰা পৰা কভিড-১৯ পজিটিভৰ তেওঁও এজন। ইয়াৰ পিছতে বোকাখাত মহকুমা প্ৰশাসনে নগৰখনৰ ৪নং ৱাৰ্ডৰ ৰূপালীম পথত তেওঁ থকা ভাড়া ঘৰৰ লগতে সমূহ প্ৰতিৱেশীক সম্প্ৰতি কন্টেনমেন্ট কৰিছে।

ইয়াৰ উপৰি মহকুমা প্ৰশাসনে চালকজনৰ ভ্ৰমন তথ্যও সংগ্ৰহ কৰিছে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে বহিঃ ৰাজ্যৰ পৰা অহা লোকৰ বাবে থকা বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা ১০১জন লোকৰ ৩১জনৰ শৰীৰত কভিড-১৯ পজিটিভ ধৰা পৰে। ইয়াৰে ২৯জন মহাবিদ্যালয়খনৰ ছাত্ৰ নিৱাসত আৰু ২ গৰাকী ছাত্ৰী নিৱাসত আছিল।