NORTHEAST NOW (Assamese)
অসম

ঐতিহাসিক ক্ষণ : বগীবিল দলঙেৰে চলিবলগীয়া গোলাঘাট-জোনাই বাছসেৱা মুকলি

Posted by: এন ই নাও নিউজ December 25, 2018 11:25 am
Bus service introduced

ডিব্ৰুগড় আৰু ধেমাজিক সংযোগ কৰা তথা দুয়োপাৰৰ দূৰত্ব কম কৰাৰ উদ্দেশ্যেৰে নিৰ্মাণ কৰা বগীবিল দলঙৰ ওপৰেৰে আজিৰ পৰা চলিব বাছ সেৱা। উত্তৰ আৰু দক্ষিণপাৰৰ মাজত সংযোগ স্থাপনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক পৰিবহণ নিগমে এই উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে।

উল্লেখ্য যে মাথো কেইঘণ্টামান পাছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে দেশবাসীৰ বাবে মুকলি কৰিব লগীয়া বহু প্ৰত্যাশিত বগীবিল দলঙেৰ ওপৰেৰে গোলাঘাটৰ পৰা জোনাইলৈ চলিব ৰাজ্যিক পৰিবহণ নিগমৰ বাছসেৱা।

ব্ৰহ্মপুত্ৰৰ দুয়োপাৰক সংযোগ কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা বগীবিল দলঙেৰে চলিব লগা এই বাছ সেৱা আজি পুৱা আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট নিৱন্ধকাৰ অৰুণ গোস্বামী আৰু সাংবাদিক ৰোহিত গগৈয়ে। দলঙেৰে নিতৌ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা চলাচল কৰিব বুলি পৰবিহণ নিগমে জানিবলৈ দিয়ে।

বগীবিল দলং নিৰ্মাণ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমে বাছসেৱা মুকলি কৰা কাৰ্যত দুয়োপাৰৰ লোক স্বাভাৱিকতে উৎফুল্লিত হৈ পৰা দেখা গৈছে। কিয়নো বগীবিল দলং নিৰ্মাণৰ পূৰ্বে দুয়োটা অঞ্চলৰ মাজত যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল নাও তথা জাহাজ।

কিন্তু আজিৰ পৰা দুয়োটা অঞ্চলৰ লোকে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে বিপদশংকুল যাত্ৰা কৰাৰ বিপৰীতে লাভ কৰিব বাছ তথা ৰে’ল সেৱা।