NORTHEAST NOW (Assamese)
অসম

বগীবিল দলং মুকলি হ’বলৈ মাথো কেইঘণ্টামান বাকী : ধেমাজি জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীলৈ স্মাৰকপত্ৰ

Posted by: এন ই নাও নিউজ December 25, 2018 9:39 am
Bogibeel-bridge

আজি পৱিত্ৰ বৰদিন তথা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম দিনটোতে ১৭বছৰীয়া অপেক্ষাৰ অন্ত পেলায় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বগীবিল দলং মুকলি কৰিবলৈ মাজত মাথো কেইঘণ্টামান বাকী।

তেনেসময়তে সোমবাৰে অৰ্থাৎ ২৪ ডিচেম্বৰত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীয়ুস গোৱেললৈ কেইবাটাও দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

স্মাৰকপত্ৰখনত সংগঠনটোৱে অসম চুক্তি অনুযায়ী নিৰ্মাণ সম্পূৰ্ণ হোৱা বগীবিল দলঙৰ দুয়োকাষে এখন ছহিদ উদ্যান স্থাপন কৰা, ডিব্ৰুগড়ৰ পৰা ধেমাজি হৈ নতুন দিল্লীলৈকে এখন ৰাজধানী এক্সপ্ৰেছ চলোৱা, ধেমাজি জিলাৰ পৰা দক্ষিণ ভাৰতৰ চেন্নাইলৈকে সপ্তাহত এবাৰকৈ হ’লেও এখন ছুপাৰ ফাষ্ট ৰে’লৰ ব্যৱস্থা কৰা আৰু ধেমাজি জিলাৰ ধেমাজি আৰু ছিলাপথাৰক অত্যাধুনিক ষ্টেইশ্যন ৰূপে গঢ়ি তুলি ভাৰতবৰ্ষৰ প্ৰথম শ্ৰেণীৰ ৰে’ল ষ্টেইশ্যনৰ মৰ্যাদা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে।

আনহাতে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মাই বগীবিল দলঙে ডিব্ৰুগড়-ধেমাজিৰ এক সমন্বয়ৰ সাঁকোৰ বৈশিষ্ট বহন কৰিব বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে।