NORTHEAST NOW (Assamese)

পুৱতি নিশা কলিয়াবৰত নৈশ বাছ-ট্ৰাকৰ সংঘৰ্ষত থিতাতে নিহত এজন; আহত বহুকেইজন বাছ যাত্ৰী

June 16, 2023 8:56 am · এন ই নাও নিউজ, গুৱাহাটী

পুৱতি নিশা কলিয়াবৰৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাটোত এজন লোকৰ থিতাতে মৃত্যু ঘটে।

কলিয়াবৰৰ সমীপৰ হাটবৰত সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা। এখন নৈশ বাছ আৰু এখন ট্রাকৰ মাজত মুখামুখি সংঘৰ্ষ ঘটাৰ ফলতে ভয়াবহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

লগতে পঢ়ক: পুনৰ উত্তপ্ত মণিপুৰ! ইম্ফলত কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ ঘৰত অগ্নিসংযোগ

দুৰ্ঘটনাটোত গুৱাহাটীৰ পৰা গোলাঘাটলৈ গৈ থকা ‘ৰত্নগিৰি’ নামৰ নৈশ বাছখনৰ কমেও ২০ জন লোক আহত হৈছে।

নিহত লোকজন ট্ৰাকখনৰ চালক আছিল বুলি জানিব পৰা গৈছে।

Related News