NORTHEAST NOW (Assamese)
অসম

আই এছ বি টিৰ পৰিৱৰ্তে খানাপাৰাৰ পৰা চলিব উজনিমুৱা বাছসমূহ

Posted by: এন ই নাও নিউজ April 18, 2019 7:55 am
আই এছ বি টিৰ পৰিৱৰ্তে খানাপাৰাৰ পৰা চলিব উজনিমুৱা বাছসমূহ

লোকসভা নির্বাচন উপলক্ষে মহানগৰীৰ পাৰ দুৰণিবটীয়া ঠাইলৈ চলাচল কৰা বাছ সমূহৰ ক্ষেত্ৰত প্ৰশাসনে কিছু নতুন নিৰ্দেশনা জাৰি কৰিছে। প্ৰশাসনে জাৰি কৰা এই নতুন নিৰ্দেশনা ২০ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈকে কাৰ্যকৰী হ’ব।

প্ৰশাসনে জাৰি কৰা এই নতুন নিৰ্দেশনা অনুসৰি মহানগৰীৰৰ আই এছ বি টিৰ পৰা চলাচল কৰা উজনিমুৱা বাছসমূহ বৰ্তমান আই এছ বি টিৰ পৰিৱৰ্তে খানাপাৰাৰ পৰা চলাচল কৰিব। একেদৰে নামনিমুৱা বাছসমূহ আদাবাৰী আৰু জালুকবাৰীৰ পৰা চলিব।

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ষ্ট্ৰং ৰূম হ’ব। ইয়াতেই ৰখা হ’ব ই ভি এম মেচিনসমূহ। সেয়েহে প্ৰশাসনে মহানগৰীৰৰ পৰা দুৰণিবটীয়া ঠাইলৈ চলাচল কৰা বাছসমূহৰ ক্ষেত্ৰত এই নতুন নিৰ্দেশনা জাৰি কৰিছে।