NORTHEAST NOW (Assamese)
অসম

বুধবাৰে পুৱা ফ্ল’ৰিডাত অৱতৰণ কৰিব সুনীতাৰ মহাকাশযান; ধন্যবাদ জনালে ট্ৰাম্প আৰু মাস্কক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2025 11:59 am

প্ৰায় ৯ মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (আই এছ এছ) আবদ্ধ হৈ থকা দুগৰাকী আমেৰিকান মহাকাশচাৰী বুচ উইলম’ৰ আৰু সুনীতা উইলিয়ামছে অৱশেষত ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱাই পৃথিৱীলৈ উভতি আহিব। স্পেচএক্সৰ ক্ৰু ড্ৰেগন মহাকাশযানত উঠি তেওঁলোক ঘূৰি আহিব বুলি প্ৰকাশ কৰিছে আমেৰিকাৰ মহাকাশ সংস্থা নাছাই।

পৃথিৱীত নিজৰ স্থানলৈ ঘূৰি আহিবলৈ পাই স্বাভাৱিকতে সুখী তেওঁলোক। ইয়াৰ বাবে তেওঁ ইলন মাস্ক আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ধন্যবাদ জনাইছে। এটা ভিডিঅ’ত দুই মহাকাশচাৰীয়ে কোৱা শুনা যায় যে, “তেওঁলোকে আমাৰ বাবে আৰু মহাকাশ অভিযানৰ বাবে যি কৰিছে সেয়া অসাধাৰণ। আমি সন্মান আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছো।”

এই বিষয়ে মাস্কে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত উইলিয়ামছে কয়, ‘সোনকালে ঘূৰি আহিম, আমাৰ বাবে পৰিকল্পনা বাদ নিদিব।’

উইলম’ৰ আৰু উইলিয়ামছে যোৱা জুন মাহত বয়িং ষ্টাৰলাইনাৰ মহাকাশযানত উঠি আই এছ এছলৈ যাত্ৰা কৰিছিল। এইটোৱেই আছিল ষ্টাৰলাইনাৰৰ প্ৰথমটো মানৱ বহনকাৰী অভিযান। কিন্তু ভ্ৰমণৰ আধাতে মহাকাশযানখনত যান্ত্ৰিক সমস্যাৰ সৃষ্টি হয়। ফলত ইয়াক উৰণৰ অযোগ্য বুলি ঘোষণা কৰা হয়।

কেইদিনমানৰ বাবে যোৱাৰ পিছতো নটা দীঘলীয়া মাহ মহাকাশত আবদ্ধ হৈ আছিল। তাৰপিছত বহুদিনিয়া প্ৰচেষ্টাৰ অন্তত নাছাই তেওঁলোকক পৃথিৱীলৈ ঘূৰাই আনিছে।

ঘোষণা অনুসৰি, পূর্বৰ পৰিকল্পনাতকৈ এদিন আগতে তেওঁলোক ঘূৰি আহি আছে৷ মঙলবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৫:৫৭ বজাত (বুধবাৰে ভাৰতীয় সময় অনুসৰি ৩:২৭ বজাত) তেওঁলোকৰ মহাকাশযানখন ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰিব। বেয়া বতৰৰ আশংকাত আগুৱাই অনা হৈছে উভতি অহাৰ সময়।

আন এজন আমেৰিকান মহাকাশচাৰী নিক হেগ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভো উইলম’ৰ আৰু উইলিয়ামছৰ সৈতে একেখন বাহনত উভতি আহিব। সোমবাৰৰ নিশাৰ পৰা আৰম্ভ হ’ব কেপচুলৰ হেচ্চ বন্ধ কৰাৰ প্ৰস্তুতি, যিটো নাছাই লাইভ সম্প্ৰচাৰ কৰিব।