NORTHEAST NOW (Assamese)

Brutal Murder: ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাৰ শশীপুৰত নৃশংস হত্যাকাণ্ড

October 10, 2021 3:04 pm · দীপক কুমাৰ পাঠক, বাক্সা
Updated: October 10, 2021 3:05 pm

Brutal Murder: তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাৰ শশীপুৰত নৃশংস হত্যাকাণ্ড।

শনিবাৰে নিশা গোসাই বিশ্বাস নামৰ এগৰাকী চল্লিছ বছৰীয়া ব্যৱসায়ীক ডিঙি ৰেপি হত্যা।

লোকজনৰ ঘৰত পৰিয়ালৰ কোনো লোক নথকা অৱস্থাত অচিনাক্ত দুৰ্বৃত্তই ৰাতি তেওঁৰ ঘৰৰ ওচৰতে ডিঙি ৰেপি হত্যা কৰে।

Latest News:ৰাজকন্যা বৰুৱা ‘ড্ৰাংক এণ্ড হিট’ কাণ্ড; তাজ ভিভান্টাক কাৰণ দৰ্শোৱাৰ জাননী

ইতিমধ্যে ঘটনাস্থলীত দৰঙামেলা আৰক্ষী লোক উপস্থিত হৈ মৃতদেহটো দৰঙামেলা আৰক্ষী চকীলৈ লৈ অনাৰ লগতে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

কোনে কি কাৰণে এই হত্যাকাণ্ড সংঘটিত কৰিলে এয়া এতিয়াও স্পষ্ট হোৱা নাই।ঘটনাক কেন্দ্ৰ কৰি পুৱাই চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলজুৰি।৷

Related News