NORTHEAST NOW (Assamese)

একেই স্বাদ, একেই গুণ : বজাৰলৈ আহি আছে কাৰ্বন ডাই অক্সাইডৰ পৰা তৈয়াৰী মাখন

September 1, 2024 8:39 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

গৰু-ম’হৰ পৰা নহয়, কাৰ্বন ডাই অক্সাইডৰ পৰা তৈয়াৰ কৰা মাখন উপলব্ধি হ’ব বজাৰত।

চেভ নামৰ এটা কোম্পানীয়ে কাৰ্বন ডাই অক্সাইডৰ পৰা তৈয়াৰ কৰিছে এনে মাখন। বতাহত থকা পৰমাণু ব্যৱহাৰ কৰি বিকল্প দুগ্ধজাত সামগ্ৰী তৈয়াৰ কৰাৰ চেষ্টা চলাইছে কোম্পানীটোৱে। ইতিমধ্যে তেওঁলোকে পশু চৰ্বিমুক্ত মাখন উৎপাদনৰ কথা ঘোষণা কৰিছে।

চেভৰে বিশেষ তাপ ৰাসায়নিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰি পশুৰ চৰ্বিমুক্ত আইচক্ৰীম, পনিৰ আৰু গাখীৰৰ বিকল্প সৃষ্টিৰ কাম কৰি আছে।

এই প্ৰক্ৰিয়াত বায়ুৰ পৰা কাৰ্বন, হাইড্ৰজেন আৰু অক্সিজেন পৰমাণুৰ সংমিশ্ৰণেৰে চৰ্বিৰ অণু গঠন হয়।

উল্লেখ্য যে প্ৰকৃত মাখনত প্ৰতি কেলৰিত ২.৪ গ্ৰাম কাৰ্বন ডাই অক্সাইড থাকে যদিও চেভৰৰ মাখনত মাত্ৰ ০.৮ গ্ৰামহে কাৰ্বন ডাই অক্সাইড থাকে।     

চেভৰৰ মুখ্য কাৰ্যবাহী কেথলিন আলেকজেণ্ডাৰে কয় যে আমি এতিয়াও প্ৰি-কমাৰ্চিয়েল পৰ্যায়ত আছো আৰু নিয়ন্ত্ৰণৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছো। ২০২৫ চনৰ আগতে বিক্ৰী হ’ব বুলি আমি আশা কৰা নাই।

বিকল্প দুগ্ধজাত সামগ্ৰী আৰু মাংসৰ চাহিদা শেহতীয়া বছৰবোৰত বৃদ্ধি পাইছে যদিও ইয়াৰ সোৱাদত বহুতেই সন্তুষ্ট নহয়। কিন্তু চেভৰে কয় যে তেওঁলোকৰ মাখনৰ সোৱাদ প্ৰকৃত মাখনৰ দৰে। কিন্তু এতিয়া প্ৰশ্ন হয় যে গ্ৰাহকে মূল গাখীৰ আৰু মাংস ৰাখি এই নতুন বিকল্পৰ ফালে মুখ কৰিবনে?

কোম্পানীটোৰ বিনিয়োগকাৰী হৈছে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছ। বিল গেটছে এটা ব্লগ পোষ্টত কয় যে লেবত নিৰ্মিত চৰ্বি আৰু তেল অস্বাভাৱিক যেন লাগিব পাৰে, কিন্তু ই আমাৰ কাৰ্বন ফুটপ্ৰিণ্ট বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। এই প্ৰযুক্তিয়ে সেউজ গৃহ গেছ উৎপন্ন নকৰে, কৃষিভূমি ব্যৱহাৰ নকৰে আৰু কম পানী ব্যৱহাৰ কৰে। লগতে, ইয়াৰ সোৱাদ ঠিক আচল মাখনৰ দৰেই।

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ তথ্য অনুসৰি বিশ্বৰ সেউজ গৃহ গেছৰ ১৪.৫ শতাংশ নিৰ্গমনৰ বাবে দুগ্ধ আৰু মাংস উৎপাদনকে ধৰি পশুপালন দায়ী।

Related News