NORTHEAST NOW (Assamese)

বিশ্বৰ শক্তিশালী ফলবিধ কি?; খালে দেহৰ পৰা নোহোৱা হয় এইবোৰ ৰোগ

February 7, 2020 5:38 pm · এন ই নাও নিউজ
ড্ৰেগন ফল

দেহৰ বাবে ফল খোৱাটো অতি উপকাৰী, কিন্তু আজি আমি আপোনালোকক এনে এবিধ শক্তিশালী ফলৰ নাম কম যাৰ উপকাৰ অনেক।

শৰীৰৰ বাবে উপকাৰী এই ফল বিধৰ নাম হ’ল ড্ৰেগন ফল।

এই ড্ৰেগন ফলবিধৰ দ্বাৰা বহু প্ৰকাৰৰ বেমাৰ প্ৰতিৰোধ কৰিব পৰা যায়।

এইবিধ ফলত ভিটামিন-বি কম্পেক্স, অমেগা ৩ ফটি এচিড, ভিটামিন চি, ভিটামিন-ই, কেলচিয়াম, ফচফৰাছ, পটাছিয়াম, কাৰ্ব’হাইড্ৰেটছ, প্ৰটিন আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে।

কেনেদৰে ই শৰীৰৰ বাবে উপকাৰী-

১) ড্ৰেগন ফলত অতি বেছি পৰিমানত ফাইবাৰ থাকে যাৰ বাবে হজম শক্তি বৃদ্ধি পায়। এই ফল বিধ খোৱাৰ ফলত বদহজম, পেটচলা আদি সমস্যাৰ পৰাও মুক্তি লাভ কৰিব পাৰি।

২) ড্ৰেগন ফল খোৱাৰ ফলত তেজত থকা গ্লুক’জৰ মাত্ৰা হ্ৰাস পাই। ডাইবেটিছ ৰোগীৰ বাবে এই ফল অতি উত্তম।

৩) ড্ৰেগন ফল নিয়মিতভাৱে খালে ইয়াত থকা কেলছিয়ামৰ ফলত দেহৰ হাড় শক্তিশালী হয়।

ড্ৰেগন ফলে কেলছিয়ামৰ ফলত হোৱা হাড়ৰ ৰোগ নোহোৱা কৰে।

Related News