NORTHEAST NOW (Assamese)

উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে তামুলপুৰৰ ৰাজনৈতিক পৰিবেশ

October 15, 2021 12:44 pm · দীপক কুমাৰ পাঠক, তামুলপুৰ

এইবাৰৰ উপ নিৰ্বাচনত তামুলপুৰ বিধানসভা সমষ্টিত ইউপিপিএল, কংগ্ৰেছ, গণ সুৰক্ষা পাৰ্টি সহ মুঠ ন গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে।

বিপিএফ ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাজনীতিবিদ তামুলপুৰ সমষ্টিত বিধায়ক হিচাপে দুবাৰকৈ প্ৰতিনিধিত্ব কৰা ইমানুৱেল মোছাহাৰী এইবাৰ বিজেপি দলৰ প্ৰাৰ্থিত্বৰ আছিল প্ৰৱল দাবীদাৰ।

কিন্তু মিত্ৰ জোঁটে তামুলপুৰৰ আসন খন মিত্ৰ জোঁটৰ ইউপিপিএলক এৰি দিয়াত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিছে বিজেপি নেতা ইমানুৱেল মোছাহাৰীয়ে।

আজি সংবাদ মাধ্যমৰ আগত ইমানুৱেল মুছাহাৰীয়ে কেইবাটাও বিষ্ফোৰক মন্তব্য কৰে।

মোছাহাৰীয়ে কয়- ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ১৫ অক্টোবৰৰ আগেয়েই মননোয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ দিলেও মই মননোয়ন পত্ৰ প্ৰত্যাহাৰ নকৰো।

প্ৰমোদ বড়োক কটাক্ষ কৰি মোছাহাৰীয়ে কয় যে প্ৰমোদ বড়ো মানেই বিটিআৰ নহয়।

উপ নিৰ্বাচনত তামুলপুৰত বিজেপিৰ প্ৰাৰ্থীও নাই পদুম ফুলো নাই। এইবাৰ যুজঁ হব ইউপিপিএল বনাম ৰাইজৰ যুঁজ।

তেওঁ কয়—এইবাৰ মোৰ প্ৰতীক হব উৰাজাহাজ। মোৰ জয় নিশ্চিত বুলিও মন্তব্য কৰে ইমানুৱেল মোছাহাৰীয়ে।

Related News