NORTHEAST NOW (Assamese)
অসম

সমুজ্জ্বল, লুৰিণ, বৰষাৰাণী বিষয়াকে ধৰি শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আটক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 17, 2019 2:56 pm
Barasa Rani Bishaya

আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু অভিনেত্ৰী বৰষাৰাণী বিষয়াকে ধৰি প্ৰায় ৩০০ শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আজিও আটক কৰিছে আৰক্ষীয়ে।

প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে শ্ল’গান দি দুপৰীয়া ১২ বজাত লতাশিল খেলপথাৰৰ পৰা উপায়ুক্তৰ কাৰ্য্যালয় অভিমুখে যাওঁতেই আৰক্ষীয়ে সকলোকে আটক কৰে।

১৬ ডিচেম্বৰৰ পৰা “গণ সত্যাগ্ৰহ”ৰ মাজেৰে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীসকলে “হয় CAA বাতিল কৰক, নহয় আমাক গ্ৰেপ্তাৰ কৰক” শ্ল’গান দি উপায়ুক্তৰ কাৰ্য্যালয়লৈ সমদল কৰি গৈছিল।

আটকাধীন আছু নেতা, শিল্পীকে ধৰি প্ৰায় সহস্ৰাধিক প্ৰতিবাদকাৰীক বৰ্তমান অস্থায়ী কাৰাগাৰত পৰিণত কৰা দীঘলীপুখুৰীৰ পাৰ-সংলগ্ন পাৰ্কত আবদ্ধ কৰি ৰাখিছে। গুৱাহাটীৰ মাজমজিয়াৰ উল্লেখযোগ্য পৰ্য্যটন ক্ষেত্ৰ পাৰ্কখনত এতিয়া চাৰিওফালে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ পহৰাৰ মাজত বন্দী হিচাপে আছে এই প্ৰতিবাদকাৰীসকল।

১৬ ডিচেম্বৰতো আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি এই অস্থায়ী কাৰাগাৰত আবদ্ধ কৰি ৰাখিছিল। দুঘণ্টামান বন্দী কৰি ৰখাৰ পিছত প্ৰতিবাদকাৰীসকলক মুকলি কৰি দিছিল আৰক্ষীয়ে।