আমি কেৱল নাকৰিকত্ব বিধেয়কক লৈয়ে আন্দোলন কৰা নাছিলো : অশ্বিনী চেতিয়া
সিদিনালৈকে মুখত জাতিয়তাবাদী শ্ল’গানেৰে বিজেপিৰ বিৰুদ্ধে হুংকাৰ দি অৱশেষত কালি অৰ্থাৎ ২৫ মাৰ্চত হেঙেৰাবাৰীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত নিজৰ পুৰণি পোছাক সলাই অহা আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াই ভগৱানৰ আৰ্শীবাদ বিচাৰি আজি শিৱসাগৰ শিৱদ’লত উপস্থিত হয়।
উল্লেখযোগ্য যে ২২টা বছৰ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ লগত জড়িত থাকি সংগঠনটোক নেতৃত্ব দি অহা চেতিয়াৰ বিজেপিত যোগদানে বিভিন্ন মহলৰ লগতে আটাছুৰ ভিতৰচৰাতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নেতাজনৰ একাংশ সমৰ্থকে এয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্ত বুলি কৈছে যদিও শিৱসাগৰৰ অধিকাংশ লোকেই এই কাৰ্যক আহোম জাতিৰ প্ৰতি চুড়ান্ত অপমান বুলি মন্তব্য কৰে।
গেৰুৱা বসন পিন্ধাৰ বাবে ৰাইজৰ ব্যাপক সমালোচনাৰ সন্মুখিন হোৱাত আজি উপাই নাপাই তেওঁ সাংবাদিকৰ আগত ‘ৰাজনৈতিক জীৱনত সমালোচনা প্ৰতি সমালোচনা থাকিবই, মই সকলো সমালোচনা প্ৰতি সমালোচনাক আৰ্শীবাদ হিচাপে লৈছো’ বুলি কয়।
আনহাতে ইমান দিনে তীব্ৰ বিৰোধিতা কৰি অহা নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ ‘আমাৰ সংগ্ৰামৰ ধাৰাত কেৱল CAB এই জড়িত হৈ থকা নাই, ২২ বছৰীয়া ইতিসাহত আৰু বহুটো সংগ্ৰাম জড়িত হৈ আছে’ বুলি গা এৰা মন্তব্য কৰে। তেওঁ কয়, ‘আজি মই এটা নতুন ধাৰালৈ গতি কৰিছো, এই শুভ ক্ষণত মোক শুভ কথাকে সোধক।’
উল্লেখযোগ্য যে বিজেপিত যোগ দি এতিয়াৰ চৰকাৰে ‘অসমৰ জাতিসত্তা ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আছে’ বুলি ঘোষণা কৰা আটাছুৰ প্ৰাক্তন নেতাজনে কিন্তু মাত্ৰ কিছুদিন আগৈলৈকে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত অৰ্ধ উলংগ প্ৰতিবাদৰ নেতৃত্ব দিছিল। গড়গাঁৱৰ কাৰেংঘৰত আৰ এচ এচৰ কৰ্মী উঠাৰ প্ৰতিবাদত গাখীৰ ধালি কাৰেংঘৰক শুদ্ধিকৰণ কৰিছিল।
অৱশ্যে অশ্বিনী চেতিয়াৰ বিজেপি গমনে আটাছুক কোনো ক্ষতি নকৰে বুলি মন্তব্য কৰে সংগঠনটোৰ উপ-সভাপতি বসন্ত গগৈয়ে। তেওঁ কয়, ‘বিজেপিত যোগদান কৰাটো চেতিয়াৰ ব্যক্তিগত বিষয়। তেওঁৰ ৰাজনৈতিক কাৰ্যকলাপত আটাছু কেতিয়াও ব্যৱহৃত নহয়।’