NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰ-পূবত নিৰ্মাণ হ’ব ৯২৬৫ কোটি টকীয়া গেছ পাইপলাইন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 9, 2020 12:06 pm

কেন্দ্ৰীয় কেবিনেটে উত্তৰ-পূৰ্বৰ ৮খন ৰাজ্যৰ বাবে প্ৰায় ৯২৬৫ কোটি টকীয়া এক উত্তৰ–পূব প্ৰাকৃতিক গেছ পাইপলাইন গ্ৰীড প্ৰকল্পত অনুমোদন জনাইছে।

বুধবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনটেৰ বৈঠকত অনুমেদন জনোৱা এই প্ৰকল্পই উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ মূঠ ১৬৫৬ কিঃ মিঃ দৈৰ্ঘ্য সামৰি ল’ব।

এই প্ৰকল্প সম্পুৰ্ণ হৈ উঠিলে উত্তৰ-পূবৰ সকলো ৰাজধানী চৰহৰলৈ ৰন্ধন গেছ সৰবৰাহ কৰা হ’ব বুলি বিভাগীয় এক সূত্ৰই জানিবলৈ দিয়ে।

বিভাগীয় সূত্ৰটোৱে জনোৱা মতে উক্ত প্ৰকল্পৰ বাবে প্ৰয়োজনীয় পুঁজিৰ ৬০ শতাংশ অৰ্থাৎ প্ৰায় ৫৫৫৯ কোটি টকা কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব। Viability Gap Fundingৰ অধীনত এই ধন আগবঢ়োৱা হ’ব।

এই গেছ পাইপলাইনৰ দ্বাৰা গুৱাহাটী, নুমলীগড়, শিলচৰ, ডিমাপুৰ, ক’হিমা, ইম্ফল, ইটানগৰ, আইজল, শ্বিলং, আগলতলা আৰু গেংটকক সংযোজিত কৰা হ’ব।

ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেড নামৰ এক যৌথ উদ্যোগক এই প্ৰকল্পৰ কাৰণে নিয়োগ কৰা হ’ব। এই যৌথ উদ্যোগত আছে ভাৰতীয় তেল নিগম লিমিটিড, অ’ এন জি চি, গেইল, অইল আৰু এন আৰ এল।

উক্ত প্ৰকল্পত অনুমোদন জনোৱাৰ বাবে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক ধন্যবাদ জনায়।