NORTHEAST NOW (Assamese)
অসম

কাৰ্বি পিপ’লছ লিবাৰেশ্যন টাইগাৰছ (KPLT)ৰ দশম প্ৰতিষ্ঠা দিৱস পালন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 9, 2020 11:55 am
KPLT-cadres-2-750x375

কাৰ্বি পিপ’লছ লিবাৰেশ্যন টাইগাৰছে (কে পি এল টি) বুধবাৰে অসমৰ কাৰ্বি আংলং জিলাৰ পাঁচ মাইলত থকা চুতীয়ানালাৰ ডেজিগনেটেত কেম্পত সংগঠনটোৰ দশম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য ৰতন টেৰণে ডেজিগনেটেত কেম্পত থকা কে পি এল টি সদস্য সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰে।

টেৰণে কে পি এল টি সদস্য সকলক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক তেওঁলোকৰ সমস্যা সমূহৰ বিষয়ে অৱগত কৰিব বুলি কোৱাৰ লগতে তেওঁলোকৰ সুকীয়া ৰাজ্যৰ দাবীও চৰকাৰৰ ওচৰত উত্থাপন কৰিব বুলি আশ্বাস দিয়ে।

উল্লেখযোগ্য যে, কাৰ্বি লংৰি আৰু উত্তৰ কাছাৰ পাৰ্বত্য লিবাৰেশ্যন ফ্ৰণ্ট (কে এল এন এল এফ) আৰু য়ুনাইটেড পিপ’ল ডেম’ক্ৰেটিক চোলিডাৰিটি (য়ু পি ডি এছ)ৰ প্ৰাক্তন সদস্য সকল মিলিত হৈ নতুন বিদ্ৰোহী সংগঠন কে পি এল টি গঠন কৰিছিল।

২০১৬ চনৰ ২০ অক্টোবৰত সংগঠনটোৱে নিজাববীয়াকৈ যুদ্ধবিৰতি ঘোষণা কৰিছিল আৰু ২০১৭ চনৰ ৩১ জানুৱাৰিত কেন্দ্ৰ চৰকাৰৰ সৈতে যুদ্ধবিৰতি স্বাক্ষৰ কৰিছিল।

পশ্চিম কাৰ্বি আংলঙৰ বাকুলিয়া আৰু কোলোংগাত কে পি এল টিৰ ডেজিগনেটেত শিৱিৰ আছে।

পঞ্চায়ত আৰু গ্ৰাম্য বিকাশ বোৰ্ডৰ সচিৱ তথা য়ু পি ডি এছৰ কনজং টেৰণে অনুষ্ঠানত অংশগ্ৰহণ কৰি চৰকাৰৰ সৈতে আলোচনা অব্যাহত ৰাখিবলৈ ধৈৰ্য্য সহকাৰে কেম্পত থাকিব লাগিব বুলি কয়।

‘‘ময়ো আপোনালোকৰ দৰে শসস্ত্ৰ সংগ্ৰামত জড়িত হৈ আছিলো আৰু ইয়াৰ তিক্ততা আৰু কঠিনতাৰ বিষয়ে অৱগত,’’ টেৰণে লগতে কয়।

যুদ্ধ বিৰতিৰ সময়ত সংগঠনৰ সদস্য সকলে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনা সমূহ মানি চলিব লাগিব বুলিও তেওঁ লগতে কয়।