NORTHEAST NOW (Assamese)
Popular Stories

‘কা’ বিৰোধী আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা যুৱক সন্ধানহীন; আলফাত যোৱাৰ সন্দেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 9, 2020 10:26 am

‘কা’ বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অহা তিনিচুকীয়া জিলাৰ চাবুৱাৰ এজন যুৱক যোৱা কিছু দিনৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত বিশেষ চৰ্চা লাভ কৰিছে।

যোৱা ৪ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা যুৱকজনৰ নাম জ্ঞানদীপ বৰপাত্ৰ গোহাঁই। ২৫ বছৰীয়া জ্ঞানদীপে আলফা (স্বাধীন)ত যোগদান কৰাৰ কথা পোহৰলৈ আহিছে। জ্ঞানদীপ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভতিজাক মুন্না বৰুৱাৰ ঘনিষ্ঠ বন্ধু।

দিনজান সামৰিক ছাউনীৰ কোৱাৰ্টাৰত বসবাস কৰা পবিত্ৰ বৰপাত্ৰ গোহাঁইৰ পুত্ৰ জ্ঞানদীপে ব্যৱসায় সূত্ৰে তিনিচুকীয়াৰ জাগুনত এটা ভাড়াঘৰ লৈ থাকে।

পৰিয়ালৰ লোকে জনোৱা মতে যোৱা ২ জানুৱাৰীত এ এছ ২৩ টি ৭৭৭১ নম্বৰৰ ব্যক্তিগত ইয়নখন লৈ  চাবুৱাৰ পৰা জাগুনত থকা ভাড়াঘৰলৈ যায়। পিছত ৪ তাৰিখে মাকলৈ ফোন কৰি গাড়ীখন বন্ধু এজনৰ ওচৰত থৈ যোৱা বুলি কৈ ফোনটো ৰাখি দিয়ে।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জাগুন আৰক্ষী থানাত ইতিমধ্যে লেখাপানী আৰু চাবুৱা থানাত এজাহাৰ দাখিল কৰিছে। ইপিনে সেনাৰ চোৰাংচোৱা সূত্ৰই জ্ঞানদীপ আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে জ্ঞানদীপৰ জ্যেষ্ঠ ভাতৃ জনোৱা মতে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনত সক্ৰিয়ৰূপত অংশ লৈ অহা জ্ঞানদীপে প্ৰায়ে সশস্ত্ৰ সংগ্ৰামৰ পোষকতা কৰি আহিছিল।

জ্ঞানদ্বীপৰ মাতৃ আৰু পৰিয়ালে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ লৰাক ঘৰলৈ ঘূৰাই পথাবলৈ পৰেশ বৰুৱাক অনুৰোধ জনাইছে।