NORTHEAST NOW (Assamese)

মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়ালৈ কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী

December 30, 2019 9:43 am · এন ই নাও নিউজ
কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী গ্ৰহণৰ সময়ত দিব্যজ্যোতি শইকীয়া। ফটো: নৰ্থইষ্ট নাও

বিগত ২০ বছৰ ধৰি সমাজসেৱা আৰু মানৱ অধিকাৰৰ হকে অসমৰ লগতে  মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ছত্তীছগড়কে আদি কৰি দেশৰ বহু কেইখন ৰাজ্যত সেৱা আগবঢ়াই অহাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ে মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়ালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী আগবঢ়াইছে।

দিব্যজ্যোতি শইকীয়াই শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধৰ হকে কাম কৰি অহাৰ লগতে  বিশেষকৈ সন্ত্ৰাসবাদ, অন্ধবিশ্বাস আৰু ডাইনী কাণ্ডৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দি আহিছে।

শইকীয়াৰ বলিষ্ঠ দাবী তথা ভূমিকাৰ বাবেই অসমত ডাইনী নিৰ্যাতন বিৰোধী আইন প্ৰৱৰ্তন তথা বলবৎ হয়।

অসমত ডাইনী কাণ্ড বিৰোধী অভিযানৰ লগতে শইকীয়াই অন্ধ বিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে জনমত গঠন তথা জনসাধাৰণৰ মাজত প্ৰধানকৈ বিজ্ঞান মনস্কতা গঢ়ি তোলাৰ দিশত কাম কৰি আছে।

ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰি ড0 শইকীয়াই ভাষণ প্ৰসংগত কয়, ‘’আমি মানৱ অধিকাৰৰ উপৰিও বিভিন্ন অধিকাৰৰ কথা কও যদিও আমাৰ নিজৰ কৰ্তব্য আৰু দায়িত্বৰ কথা সময়ে সময়ে পাহৰি যাও। কিন্তু আমি জনা উচিত যে অধিকাৰৰ লগতে কৰ্তব্য আৰু দায়িত্বই হে সমাজত শান্তি শৃংখলা বজাই ৰাখিবলৈ সক্ষম হয়। সেয়ে শৃংখলাবদ্ধভাৱে সকলো কৰ্মীয়ে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰিব লাগিব।‘’

0 দিব্যজ্যোতি শইকীয়াই ইতিমধ্যেই বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা, মৌলানা আজাদ ৰাষ্ট্ৰীয় বঁটা, সন্ত গাৰ্গে বাবা ৰাষ্ট্ৰীয় বঁটা, ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বঁটা, ড ভূপেন হাজৰিকা শান্তি বঁটা, আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা আদিকে ধৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সন্মানীয় ৪০ টাতকৈও অধিক বঁটা লাভ কৰিছে।

উল্লেখযোগ্য যে, কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ে সমগ্ৰ বিশ্ব জুৰি বিশেষ বিশেষ ক্ষেত্ৰৰ কিছু বিশেষ ব্যক্তিক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰি আহিছে।

এইবাৰ ভাৰতবৰ্ষৰ তামিলনাডুত অসমৰ দিব্যজ্যোতি শইকীয়াৰ উপৰিও মালয়ছিয়া, ছিংগাপুৰ, শ্ৰীলংকা, ডুবাই আদিৰ কেইবাজনো বিশিষ্ট ব্যক্তিক উক্ত অনুস্থানত কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ে এই সন্মান আগবঢ়াইছে।

Related News