NORTHEAST NOW (Assamese)
Popular Stories

দেশজোৰা ধৰ্মঘট ঘোষণা; পুনৰ ৫ দিনৰ বাবে বন্ধ হ’ব বেংকৰ সকলো কাম-কাজ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 8, 2020 7:43 pm
closed bank

দৰমহা বৃদ্ধিৰ দাবীত যোৱা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত ৰাজহুৱাখণ্ডৰ বেংক কৰ্মচাৰীসকলে পালন কৰা দেশজোৰা ধৰ্মঘটৰ পিছত অহা মাৰ্চ মাহত পুনৰ ধৰ্মঘটত বহাৰ কথা ঘোষণা কৰিছে বেংকৰ কৰ্মচাৰীসকলে।

ভাৰতীয় বেংক কৰ্মচাৰী ফেডাৰেচন (BEFI) আৰু নিখিল ভাৰত বেংক কৰ্মচাৰী সংস্থা (AIBEA)-এ জানিবলৈ দিয়া মতে অহা ১১ মাৰ্চৰ পৰা ১৩ মাৰ্চলৈকে তিনিদিনীয়া বেংক ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব।

ভাৰতীয় বেংক সংস্থা (IBA)ৰ সৈতে দৰমহা বৃদ্ধিৰ সম্পৰ্কত হোৱা আলোচনাৰ কোনো ইতিবাচক ফলাফল নহাৰ পিছতে পুনৰ ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়।

উল্লেখযোগ্য যে ১৩ মাৰ্চলৈকে ধৰ্মঘট চলিব যদিও মাহৰ দ্বিতীয়টো শনিবাৰ হোৱা হেতুকে ১৪ মাৰ্চ আৰু দেওবাৰ হিচাপে ১৫ মাৰ্চকে ধৰি ৫ দিনৰ বাবে বেংকৰ সকলো কাম-কাজ বন্ধ থাকিব। আনকি এই সময়ছোৱাত ATM সমূহো বন্ধ থাকিব পাৰে।

আনহাতে এইবাৰ যদিহে তেওঁলোকৰ দাবী সমূহ মানি লোৱা নহয় তেতিয়া অহা ১ এপ্ৰিলৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি বেংক য়ুনিয়ন সমূহে ঘোষণা কৰিছে।