NORTHEAST NOW (Assamese)
অসম

‘মানৱ সেৱাই ঈশ্বৰ সেৱা’ বাণীৰে পুৰণিগুদামত ৰক্তদান শিবিৰ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা May 10, 2019 7:42 am
IMG-20190509-WA0006

“মানৱ সেৱাই ঈশ্বৰ সেৱা” বাণী সৰোগত কৰি ৰাম নৱমীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে নগাঁও জিলাৰ পুৰণিগুদাম ভীমৰগাঁওস্থিত শ্ৰী শিৰডী সাই বাবা মন্দিৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে এটি ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়।

সাই বাবা সেৱা ন্যাস, নগাঁৱৰ উদ্যোগত আৰু দিব্যাংগ সকলৰ পুনৰ নিৰ্বাসন কেন্দ্ৰ “বধিৰ বিদ্যা মন্দিৰ”ৰ ব্যৱস্থাপনাত তথা  ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়, নগাঁৱৰ ৰক্ত ভঁৰালৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত ৰক্তদান শিবিৰত তেৰ গৰাকী বিভিন্ন বয়সৰ পুৰুষ-মহিলাই অংশগ্ৰহণ কৰি স্বেচ্ছামূলক ভাৱে ৰক্তদান কৰা পৰিলক্ষিত হয়।

শ্ৰী শিৰডী সাই বাবা সেৱা ন্যাস, নগাঁৱৰ ন্যাসৰক্ষী দুৰ্লভ পৱন বৰুৱাই আঁত ধৰা অনুষ্ঠানত বধিৰ বিদ্যা মন্দিৰৰ অধ্যক্ষা অনুৰাধা বৰাই সাই বাবাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলনেৰে ৰক্তদান শিবিৰটো  শুভাৰম্ভ কৰে।

দিনজোৰা কাৰ্যসূচীৰে সফল পৰিসমাপ্তি হোৱা ৰক্তদান শিবিৰটোত উপস্থিত থাকি ৰক্তদানৰ পৰামৰ্শদাতা ৰিংকু দত্ত, ডাঃ আয়েছা চিদ্দিকা আহমেদ আৰু সাংবাদিক নীলৰঞ্জন শৰ্মাই ৰক্তদানৰ বিভিন্ন উপকাৰীতাৰ দিশ তথা সজাগতা সন্দৰ্ভত ভাষণ প্ৰদান কৰে।