NORTHEAST NOW (Assamese)
Popular Stories

মুছলমান প্ৰধান অঞ্চলক ‘পাকিস্তান’ আখ্যা! উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 25, 2024 2:47 pm

দেশৰ কোনো অংশকে ‘পাকিস্তান’ বুলি ক’ব নোৱাৰি। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বেদাব্যাছাচৰ শ্ৰীসানন্দক এই বিষয়ে অৱগত কৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে। পূৰ্বে ন্যায়াধীশগৰাকীয়ে বাংগালুৰুৰ এটা বিশেষ অঞ্চলক ‘পাকিস্তান’ বুলি উল্লেখ কৰিছিল। পাছত তেওঁ এই মন্তব্যৰ বাবেও ক্ষমা বিচাৰে। এতিয়া ন্যায়াধীশ চন্দ্ৰচুড়ে তেওঁক কয়, “এয়া (এনে মন্তব্য) দেশৰ ভূখণ্ডৰ অখণ্ডতাৰ বিৰুদ্ধে।”

কিছুদিন পূৰ্বে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বেদাব্যসাচৰ শ্ৰীসানন্দই এটা গোচৰৰ শুনানি গ্ৰহণ কৰি বাংগালুৰুৰ এটা মুছলমান প্ৰধান অঞ্চলক ‘পাকিস্তান’ বুলি উল্লেখ কৰিছিল। তেওঁ কয়, “সেই অঞ্চলত প্ৰতিখন অটোতে ১০ জন যাত্ৰী উঠিছিল।যিমানেই দক্ষ আৰক্ষী বিষয়া নিয়োগ নহওক কিয়, আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাটো সম্ভৱ নহয়। তাত আৰক্ষী বিষয়াক প্ৰহাৰ কৰা হয়। আচলতে ই পাকিস্তানৰ দৰে ভাৰতৰ অংশ নহয়।”

ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে নিজা উদ্যোগত গোচৰটো দাখিল কৰে। মুখ্য ন্যায়াধীশৰ নেতৃত্বত খণ্ড বিচাৰপীঠে সমগ্ৰ গোচৰৰ প্ৰতিবেদন কৰ্ণাটক উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰে। ২০ ছেপ্টেম্বৰত বিচাৰপীঠে জনাইছিল যে ন্যায়াধীশসকলেও নিজৰ মতামত প্ৰকাশ কৰাৰ পূৰ্বে কিছুমান নিয়ম মানি চলিব লাগে। অধিক সাৱধান হ’ব লাগে। ইয়াৰ পাছতে বুধবাৰে ডি ৱাই চন্দ্ৰচুড়ে কয়, ‘দেশৰ কোনো অংশক পাকিস্তান বুলি ক’ব নোৱাৰি। ই দেশৰ ভূখণ্ডীয় অখণ্ডতাৰ বিৰোধী।’

কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ এই মন্তব্যই স্বাভাৱিকতে বিতৰ্কৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ এনে মন্তব্যৰ বাবেও তেওঁ ক্ষমা বিচাৰিছে। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে কয় যে আজিৰ ছ’চিয়েল মিডিয়াৰ যুগত কি হৈ আছে আৰু কি কোৱা হৈছে সেই বিষয়েও আদালতে তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰে। সেয়েহে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বাবেও নিৰ্দিষ্ট নিৰ্দেশনা প্ৰস্তুত কৰিব লাগে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়েও এটৰ্নী জেনেৰেল তুষাৰ মেহতাৰ সহায় বিচাৰিছে।