NORTHEAST NOW (Assamese)

চৰকাৰৰ বিভাজনবাদী ৰাজনীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ আহ্বান: কাৰ্বি আংলঙৰ পৰিস্থিতিক লৈ অসম নাগৰিক সন্মিলনৰ উদ্বেগ

December 25, 2025 3:13 pm · এন ই নাও নিউজ, গুৱাহাটী

কাৰ্বি আংলঙৰ শেহতীয়া ভয়াবহ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম নাগৰিক সন্মিলনে। আজি এক বিবৃতিত হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান, শান্তনু বৰঠাকুৰে কয় যে চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা বিভাজনবাদী ৰাজনীতিৰ বাবেই কাৰ্বি আংলঙত আজি ‘কাৰ্বি গ’ বেক’ৰ দৰে অস্বাভাৱিক ধ্বনি শুনিবলৈ পোৱা গৈছে। মণিপুৰৰ অশান্ত জুইৰ দৰে কাৰ্বিভূমিলৈও সেই জুই সম্প্ৰসাৰিত হোৱাৰ আশংকাই দেখা দিছে। সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনস্থ এই অঞ্চলটোত ১৯৫১ চনত জনজাতীয় লোকৰ সংখ্যা ৯৬ শতাংশ আছিল যদিও বৰ্তমান ২০২৫ চনত সেয়া হ্ৰাস পাই ৫২ শতাংশ হৈছে। বিপৰীতে বহিৰাগতৰ সংখ্যা ৪৬-৪৭ শতাংশলৈ বৃদ্ধি পোৱা বিষয়টোক সন্মিলনে অতি বিপজ্জনক বুলি অভিহিত কৰিছে।

বিবৃতিটোত অভিযোগ কৰা হৈছে যে চৰকাৰৰ অনমনীয় মনোভাৱ আৰু জনগাঁঠনিৰ পৰিৱৰ্তনে কাৰ্বি সমাজক অধিক শংকিত কৰি তুলিছে। বিশেষকৈ ষষ্ঠ অনুসূচীৰ কঠোৰ বিধি থকাৰ পাছতো কেনেকৈ এই অঞ্চলসমূহত বহিৰাগতৰ এনে ব্যাপক আগ্ৰাসন হ’ল, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। লগতে চৰকাৰে ভোটৰ তালিকাৰ বিশেষ সংশোধন (SR) কৰি বহিৰাগতক ভোটদানৰ সুযোগ কৰি দিয়া বুলিও সন্মিলনে দাবী কৰিছে। আনহাতে, যি ভূমিত অজনজাতীয় লোকৰ ভূমিৰ অধিকাৰ নাই, তেনে প্ৰায় ১,৫০,০০০ বিঘা ভূমি আদানী, আম্বানী, হিন্দুজা, গডৰেজ আৰু ৰামদেৱৰ দৰে বৃহৎ কৰ্পোৰেট গোষ্ঠীক গতাই দিয়া কাৰ্যই কাৰ্বি সকলৰ জীৱিকা আৰু পৰিচয় নিঃশেষ কৰিব বুলি উদ্বেগ প্ৰকাশ কৰা হৈছে।

নাগৰিক সন্মিলনৰ মতে, কাৰ্বি আংলং আৰু ডিমা হাচাওক প্ৰকৃত স্বায়ত্ত শাসন প্ৰদান কৰাৰ সলনি চৰকাৰে ইয়াক কেবল ‘এটিএম’ হিচাপে ব্যৱহাৰ কৰিছে। চৰকাৰে জনসাধাৰণৰ মাজত ষড়যন্ত্ৰমূলক বিভাজনৰ সৃষ্টি কৰি নিজৰ শাসন সুদৃঢ় কৰিব বিচাৰিছে বুলিও বিবৃতিত উল্লেখ কৰা হয়। এই পৰিস্থিতিত ৰাইজক সজাগ আৰু সতৰ্ক হ’বলৈ আহ্বান জনাই কোৱা হৈছে যে এতিয়া সংগঠিত হোৱাৰ সময়। অৱশ্যে আন্দোলনৰ নামত কোনো ধৰণৰ হিংসাৰ আশ্ৰয় নলৈ শান্তিপূৰ্ণভাৱে উত্তৰ ভাৰতীয় আৰু বৃহৎ ব্যৱসায়ীৰ আগ্ৰাসনক বাধা দিবলৈ অসম নাগৰিক সন্মিলনে আহ্বান জনাইছে।

Related News