NORTHEAST NOW (Assamese)
দেশ

ঘৰলৈ মাতি আনি যৌন নিৰ্যাতন! বলীউডৰ অভিনেতাৰ বিৰুদ্ধে এজাহাৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 1, 2024 5:15 pm
ঘৰলৈ মাতি আনি যৌন নিৰ্যাতন! বলীউডৰ অভিনেতাৰ বিৰুদ্ধে এজাহাৰ

বলীউডৰ অভিনেতা শাৰদ কাপোৰৰ বিৰুদ্ধে উত্থাপন হৈছে যৌন নিৰ্যাতনৰ অভিযোগ। ঘৰলৈ মাতি আনি এগৰাকী মহিলাক অশ্লীলভাবে স্পৰ্শ কৰাৰ অভিযোগ উত্থাপন হৈছে।      

ইতিমধ্যে মহিলাগৰাকীয়ে মুম্বাইৰ খাৰ থানাত এজাহাৰ দাখিল কৰিছে।

খাৰ আৰক্ষী থানাৰ তথ্য অনুসৰি ছ’চিয়েল মিডিয়াত এগৰাকী ৩২ বছৰীয়া মহিলাৰ সৈতে কথা-বতৰা পাতিছিল শাৰদে। তাৰ পিছত দুয়োজনে ভিডিঅ’ কলতো কথা পাতে।

অভিযোগ অনুসৰি, অভিনেতাগৰাকীয়ে শ্বুটিং সম্পৰ্কীয় কথা পাতিম বুলি কৈ মহিলাগৰাকীক নিজৰ কাৰ্যালয়লৈ বুলি মাতে। শাৰদে মেছেজ যোগে নিজৰ গুগল লোকেচন পঠিয়ায় মহিলাগৰাকীলৈ।

মহিলাগৰাকীয়ে তালৈ গৈ উপলব্ধি কৰে যে সেয়া শাৰদৰ কাৰ্যালয় নহয়। সেয়া তেখেতৰ ঘৰহে।

মহিলাগৰাকীয়ে ঘৰটোত উপস্থিত হোৱাৰ পিছতেই শাৰদ কাপুৰে তেওঁক নিজৰ শোৱা কোঠালৈ আহিবলৈ কয়। তেতিয়াই ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে।

অভিযোগকাৰীয়ে জনোৱা মতে, সন্ধিয়া শাৰদে তেওঁক অশ্লীল ভাষাত হোৱাটছএপ মেছেজো প্ৰেৰণ কৰে। মহিলাগৰাকীয়ে সমগ্ৰ ঘটনাটো তেওঁৰ এজন বন্ধুক জনাই আৰু তাৰ পিছত শাৰদৰ বিৰুদ্ধে খাৰ থানাত এজাহাৰ দাখিল কৰে।

এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে কোনো বক্তব্য দিয়া নাই। ভাৰতীয় দণ্ডবিধিৰ ৭৪, ৭৫ আৰু ৭৯ ধাৰাত শাৰদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। মহিলাগৰাকীৰ বিৰুদ্ধে অপৰাধমূলক আচৰণ, যৌন নিৰ্যাতন আৰু অশ্লীলতাৰ অভিযোগ উত্থাপন হৈছে।