NORTHEAST NOW (Assamese)
অসম

তামিলনাডুত সুদীৰ্ঘ ৮ মাহৰ অন্তত পুনৰ দৰ্শকৰ বাবে মুকলি হ’ল চলচ্চিত্ৰ গৃহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 11, 2020 3:28 pm
cinema hall

সুদীর্ঘ ৮ মাহৰ বিৰতিৰ অন্তত তামিলনাডুত পুনৰ দৰ্শকৰ বাবে মুকলি হ’ল চলচ্চিত্ৰ গৃহ।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ বাবে সুদীৰ্ঘ ৮ মাহ বন্ধ হৈ থকাৰ পাছত মঙলবাৰে নিশা তামিলনাডুত চলচ্চিত্ৰ গৃহ পুনৰ মুকলি কৰা হয়।

অৱশ্যে অধিকাংশ চলচ্চিত্ৰ গৃহ বুধবাৰৰ পৰাহে দৰ্শকৰ বাবে মুকলি কৰি দিয়া হয়।

তামিলনাডুত চলচ্চিত্ৰ গৃহ মুকলি হ’লেও ভি পি এফৰ মাচুল সম্বন্ধে চলি থকা কিছু খেলিমেলিৰ বাবে বৰ্তমান সময়ত চলচ্চিত্ৰ গৃহ সমূহত কোনোধৰণৰ তামিল চলচ্চিত্ৰৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা নহ’ব বুলি তামিল ফিল্ম প্ৰডুৱেচাৰ এছ’চিয়েশ্যনৰ তৰফৰ পৰা উল্লেখ কৰা হয়।

উল্লেখযোগ্য যে, তামিলনাডুত চলচ্চিত্ৰ গৃহ পুনৰ মুকলি হ’লেও অতি সীমিত সংখ্যক দৰ্শকৰ বাবেহে চলচ্চিত্ৰ গৃহ সমূহ মুকলি কৰি দিয়া হৈছে।

আনহাতে, চলচ্চিত্ৰ গৃহত প্ৰৱেশৰ সময়তো দৰ্শক সকলে সামাজিক দূৰত্ব মানি চলাৰ লগতে, মাস্ক পৰিধান কৰা আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰা আদি নিয়ম সমূহ মানি চলিব লাগিব।