NORTHEAST NOW (Assamese)
অসম

হাগ্ৰামক মোক্ষম আঘাত : বিপিএফ এৰি বিজেপিত যোগ দিব ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক November 11, 2020 3:16 pm
index

নতুন মোৰ ল’ব নেকি বড়ো ৰাজনীতিয়ে?

বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে ইয়াৰ পূৰ্ৱাভাস দি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফৰ কাৰ্যকৰী সভাপতিৰ পদৰ পৰা আজি পদত্যাগ কৰিছে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। আজিয়েই দলটোৰ প্ৰাথমিক সদস্য পদো এৰিব সাংসদ দৈমাৰীয়ে।

বিপিএফ এৰি বিজেপিত যোগ দিব বিশ্বজিৎ দৈমাৰীয়ে।

সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিটিচিৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বিপিএফ এৰি বিজেপিলৈ ধাৱমান হোৱাতো বিটিচি ৰাজনীতিত এক নতুন সমীকৰণ আৰম্ভ হোৱাৰ ইংগিত বহন কৰিছে।

উল্লেখ্য যে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। ইতিমধ্যে ৰাজ্য চৰকাৰৰ প্ৰতাপী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এইবাৰ বিজেপিয়ে বিটিচিৰ ক্ষমতা দখল কৰিব বুলি ঘোষণা কৰিছে।

বিপিএফ ত্যাগী বিশ্বজিৎ দৈমাৰী বিজেপি দলৰ পৰা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে প্ৰক্ষেপ কৰা হ’ব বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে।

ইফালে সাংসদ গৰাকীয়ে ৰাজ্যসভাৰ সাংসদৰ পদো ত্যাগ কৰিব বুলিও ঘোষণা কৰিছে। সংসদীয় যাৱতীয়  কাম কাজবোৰ সমাপন কৰাৰ পিছতে সাংসদ গৰাকীয়ে ৰাজ্যসভাৰ সাংসদৰ পদ ত্যাগ কৰিব বুলি জনাইছে।

ইয়াৰ পৰাই ধাৰণা কৰা হৈছে যে বিশ্বজিৎ দৈমাৰীক বিটিচি পৰষদীয় নিৰ্বাচনৰ মুখ্য কাৰ্যবাহী পদৰ বাবে বিজেপি দলে প্ৰক্ষপ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।

বুধবাৰে গুৱাহাটীৰ হোটেল লিলিত সংবাদমেল সম্বোধন কৰি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয়, “এতিয়া বড়ো জাতিৰ কোনো সমস্যা নাই বুলি মই ভাবো। এতিয়া বাহিৰৰ কাম কৰিব লাগে। আমি বিটিচি বা অসমৰ ভিতৰত কাম কৰি থাকিলেই নহ’ব। ৰাজনৈতিকভাৱে আমাক চিনি পাবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰিব লাগিব। সেয়ে মই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত যোগ দিয়াৰ কথা চিন্তা কৰিছো।”

বিপিএফ দলৰ কোনো কৰ্মকৰ্তাৰ লগত আখেজ নাই বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে তেওঁৰ এই যাত্ৰাক ‘স্কুলৰ পৰা বিশ্ববিদ্যালয়ত যোগ দিবলৈ যোৱা বুলি’ মন্তব্য কৰে।

‘বিপিএফ আৰু বিজেপিৰ মাজত মিত্ৰতা থকা নথকা একেটাই কথা। আজি যি পৰিস্থিতি চলি আছে তেনে ক্ষেত্ৰত মিত্ৰতা থকা নথকা একে কথা। থাকিলেও থাকিব, নাথাকিব পাৰে।’ সাংসদ গৰাকীয়ে কয়।

‘বিটিচিত ভূমি অধিকাৰক লৈ অন্য জনগোষ্ঠীৰ লোক শংকিত, অসমীয়া ভাষা থাকিব নে নাথাকে তাক লৈ শংকিত। সেই শংকা দূৰ কৰাৰ ক্ষেত্ৰত কাম কৰিবলগীয়া আছে। বড়ো-অনাবড়োৰ মাজত সংঘাতৰ কথা কোৱা হয়,আৰু এনে বহু কাম কৰিব আছে, যিবোৰ কাম বিপিএফৰ মজিয়াত থাকি কৰাত অসুবিধা আছে।’ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে লগতে কয়।