NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ চাহ বাগিচাত গঁড়ৰ আক্ৰমণত আহত নিউজ চেনেলৰ কেমেৰাপাৰ্ছন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া July 14, 2020 11:51 am
Kaziranga

বানপানীৰ মাজতেই গঁড়ৰ আক্ৰমণত কাজিৰঙাত আহত হৈছে প্ৰাগ নিউজৰ কেমেৰাপাৰ্ছন ভাস্কৰ ৰাজখোৱা ৷

বানাক্ৰান্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি সমীপৰ হাতীখুলি চাহ বাগিচাত আশ্ৰয় লোৱা এটা গঁড়ৰ ভিডিঅ’গ্ৰাফী কৰি থকাৰ সময়তে হোৱা এই দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত হৈছে ভাস্কৰ ৰাজখোৱা ৷

হাতীখুলি চাহ বাগিচাৰ মাজত আশ্ৰয় লৈ থকা গঁড়টোক বাগিচাৰ মাজৰ এটা পথত সোমাই ভিডিঅ’গ্ৰাফী কৰি থকা ভাস্কৰলৈ চোচা লয় গঁড়টোৱে ৷

উপায়হীন হৈ ভাস্কৰে বিপৰীত দিশলৈ বুলি বাগিচাৰ পথেৰ দৌৰিছিল যদিও তীব্ৰ বেগী গঁড়টোৱে তেওঁক আক্ৰমণ কৰে ৷

গঁড়ৰ আক্ৰমণত আহত ভাস্কৰক ততাতৈয়াকৈ হাতীখুলি বাগিচা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

আহত ভাস্কৰ ৰাজখোৱাৰ ঘৰ বোকাখাতৰ কৈলাখাত গাওঁত ৷ ভাস্কৰে দীৰ্ঘ দিন ধৰি প্ৰাগ নিউজৰ গোলাঘাটৰ কেমেৰাপাৰ্ছন হিচাবে কাম কৰি আছে ৷

ঘটনাৰ সবিশেষ তদন্তৰ বাবে ইতিমধ্যেই ঘটনাস্থলীত গৈ বনবিষয়াৰ দল উপস্থিত হৈছেগৈ ৷