NORTHEAST NOW (Assamese)
অসম

চীনে কানাডাৰ নিৰ্বাচনত “হস্তক্ষেপ কৰিবলৈ’’চেষ্টা কৰাৰ অভিযোগ দেশখনৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 19, 2023 1:00 pm
চীনে কানাডাৰ নিৰ্বাচনত “হস্তক্ষেপ কৰিবলৈ’’চেষ্টা কৰাৰ অভিযোগ দেশখনৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৰ

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে চীনৰ বিৰুদ্ধে দেশখনৰ নিৰ্বাচন আৰু গণতান্ত্ৰিক ব্যৱস্থাত হস্তক্ষেপ কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীৰ উদ্ধৃতি দি স্থানীয় সংবাদ মাধ্যম টৰণ্টো চানে কয় যে কানাডাৰ চোৰাংচোৱাসকলে চীনৰ এনে অহেতুক তৎপৰতা বন্ধ কৰিবলৈ সাজু আছে।

ট্ৰুডোৱে শেহতীয়াকৈ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত কিছুমান চোৰাংচোৱা নথিৰ বিষয়ে আলোচনা প্ৰসংগত এইকথা কৈছিল।

ট্ৰুডোৱে কয়, “বিগত বছৰবোৰত মই দেখিছোঁ যে চীনে আমাৰ গণতন্ত্ৰত, আনকি নিৰ্বাচনতো হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰি আছে।‘’

অৱশ্যে, কানাডা এই বিষয়টো সম্পৰ্কে অৱগত বুলি জানিবলৈ দি  তেওঁ কয় যে চীনৰ এই অহেতুক তৎপৰতা মোকাবিলা কৰিবলৈ চোৰাংচোৱা আৰু নিৰাপত্তা সংস্থাসমূহে উন্নত প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে।