NORTHEAST NOW (Assamese)

কানাডাৰ সৈতে ব্যৱধান দূৰ কৰিব বিচাৰিছে দিল্লীয়ে! নতুন ৰাষ্ট্ৰদূ্ত নিয়োগ ভাৰতৰ

August 29, 2025 8:01 am · এন ই নাও নিউজ, গুৱাহাটী

যেতিয়া জাষ্টিন ট্ৰুডো কানাডাৰ প্ৰধানমন্ত্ৰী আছিল তেতিয়া খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ বাবে ভাৰত-কানাডাৰ সম্পৰ্ক দুৰ্বল স্তৰত আছিল। মাৰ্ক কাৰ্নীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত পৰিস্থিতি সলনি হবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত দীনেশ কে পাটনায়কক কানাডাত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে। জ্ঞাত সূত্ৰৰ মতে, নতুন দিল্লীয়ে কানাডাৰ সৈতে এই ব্যৱধান দূৰ কৰিব বিচাৰিছে। এয়াই ইয়াৰ সংকেত।

দীনেশ কে পাটনায়ক কোন?

১৯৯০ চনৰ এই আই এফ এছ বেচ অফিচাৰজনে বৰ্তমান স্পেইনত থকা ভাৰতীয় দূতাবাস চম্ভালি আছে। অতি সোনকালে তেওঁ কানাডাৰ দূতাবাসৰ দায়িত্ব লব। ১৯৮৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা দীনেশ কে পাটনায়কে আই আই এম কলিকতাৰ পৰা স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পাছত দীনেশ ভিয়েনালৈ যায়। তাতেই তেওঁ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰে। শেহতীয়াকৈ দীনেশ কে পাটনায়ক স্পেইনৰ উপৰিও কম্বোডিয়া আৰু মৰক্কোৰ ৰাষ্ট্ৰদূত আছিল। প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা থকা এইগৰাকী বিষয়াই বিভিন্ন অভিযানত জেনেভা, ঢাকা, বেইজিং আৰু আফ্ৰিকা আৰু পশ্চিম ইউৰোপলৈ গৈছে। দীনেশ পাটনায়কে ৰাষ্ট্ৰসংঘ আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়তো বিভিন্ন দায়িত্ব চম্ভালিছে।

Related News